নেশ্যনেল ডেস্ক,৭ আগষ্ট :বিতৰ্কিত জ্ঞানবাপীৰ চৌহদত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (এএছআই)য়ে বৈজ্ঞানিক জৰীপ অব্যাহত ৰাখিছে । সোমবাৰে এছআইৰ এই জৰীপৰ চতুৰ্থ দিন । কিন্তু সোমবাৰে এই জৰীপ আৰম্ভ কৰাত কিছু পলম হ'ব পাৰে । হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰা এগৰাকী অধিবক্তাই কয় যে যিহেতু আজি পৱিত্ৰ শাওণ মাহৰ পঞ্চমটো সোমবাৰ, সেয়ে জৰীপ আৰম্ভ কৰাত কিছু পলম হ'ব পাৰে ।
আন এগৰাকী অধিবক্তাই জনোৱা মতে জৰীপৰ কামত অঞ্জুমান ইন্তেজামিয়া সমিতিয়েও সহযোগিতা আগবঢ়াইছে । তেওঁ জনোৱা মতে এএছআইয়ে এক প্ৰণালীবদ্ধ আৰু বৈজ্ঞানিক প্ৰকাৰে জৰীপটো চলাই আছে । জোখ-মাপ কৰা হৈছে, সেয়ে কিছু সময় লাগিব । এই জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকে এখন প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু সেই প্ৰতিবেদনখন আদালতত দাখিল কৰা হ'ব ।
দেওবাৰে বাৰাণসীত সাংবাদিকৰ সন্মুখত হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে কয় যে মুছলমান পক্ষই আদালতৰ নিৰ্দেশ অনুসৰণ কৰিছে আৰু জৰীপটোত সম্পূৰ্ণ সহযোগিতা কৰিছে । এএছআইয়ে ইয়াৰ কাম সুচাৰুৰূপে কৰি আছে । জৰীপৰ বাবে প্ৰতিটো আধুনিক কৌশল ব্যৱহাৰ কৰা হৈছে । ভৱিষ্যতেও আদালতৰ নিৰ্দেশ অনুসৰি কাম অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰে ।