অসম

assam

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 3:59 PM IST

ETV Bharat / bharat

Arvind Kejriwal: I.N.D.I.A. মিত্ৰজোঁট ত্যাগ নকৰে আম আদমী পাৰ্টীয়ে; কেজৰিৱালৰ ঘোষণা

বৃহস্পতিবাৰে এগৰাকী কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ কৰে পাঞ্জাৱ আৰক্ষীয়ে ৷ ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া অৰবিন্দ কেজৰিৱালৰ ৷ ইয়াৰ দ্বাৰা I.N.D.I.A. মিত্ৰজোঁটত কোনো প্ৰভাৱ নপৰে বুলি মন্তব্য ৷

Arvind Kejriwal
Arvind Kejriwal

নেশ্যনেল ডেস্ক, 29 ছেপ্টেম্বৰ: আপ শাসিত ৰাজ্য পাঞ্জাৱত এগৰাকী কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ কৰাক লৈ চৰ্চা চলিছে যে হয়তু I.N.D.I.A. মিত্ৰজোঁটৰ মাজৰ সম্পৰ্কত ফাঁট মেলিছে ৷ কিন্তু শুকুৰবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷

তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে I.N.D.I.A. ব্লক মিত্ৰজোঁটৰ প্ৰতি সমৰ্পিত ৷ কোনো পৰিস্থিতিতে I.N.D.I.A. মিত্ৰজোঁটত ফাঁট মেলাৰ সম্ভাৱনা নাই ৷

তেওঁ আৰু কয় যে আমাৰ উদ্দেশ্যে হৈছে এনে এক পৰিৱেশৰ সৃষ্টি কৰা য’ত দেশৰ প্ৰতিগৰাকী লোকে নিজকে প্ৰধানমন্ত্ৰী বুলি ভাবিব পাৰে ৷ আম আদমী পাৰ্টী I.N.D.I.A. মিত্ৰজোঁটৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ৷ এতিয়ালৈকে বিৰোধী মিত্ৰজোঁটত আসন ভাগ-বতৰা চূড়ান্ত কৰা হোৱা নাই নেকি বুলি সোধাত তেওঁ কয়, ‘‘ইয়াৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব ৷’’

পাঞ্জাৱত কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজত হোৱা সংঘাত সন্দৰ্ভত কেজৰিৱালে কয়, ‘‘পাঞ্জাৱ আৰক্ষীয়ে বৃহস্পতিবাৰে এজন কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰিছিল । আমাৰ ওচৰত বিতং বিৱৰণ নাই ৷ ইয়াৰ উত্তৰ পাঞ্জাৱ আৰক্ষীয়ে দিব, কিন্তু আমি ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছোঁ । আমি কোনো ব্যক্তিগত ঘটনা বা ব্যক্তিৰ ওপৰত মন্তব্য দিব নালাগে, কিন্তু আমি ড্ৰাগছ সমাপ্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ইয়াৰ বিৰুদ্ধে চলা যুঁজত কাকো বাদ দিয়া নহ’ব ৷ তেওঁলোক ডাঙৰ ব্যক্তিয়েই হওক বা সৰু হওক ৷’’

যোৱা কিছুদিন ধৰি পাঞ্জাৱত আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ মাজত সংঘাত চলি আছে ৷ কংগ্ৰেছ নেতাসকলে দাবী কৰিছে যে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে আটাইকেইখন (13 খন) লোকসভা আসনত প্ৰতিদ্বন্দিতা কৰিব ৷

ইফালে, আম আদমী পাৰ্টীয়ে ৰাজ্যখনত আসন ভাগ-বতৰা কৰা সন্দৰ্ভত কোনো মতামত প্ৰকাশ কৰা নাই ৷ আনহাতে নতুন দিল্লীতো কংগ্ৰেছ আৰু আপৰ মাজত আসন বিতৰণ সন্দৰ্ভত আলোচনা অব্যাহত আছে ৷

লগতে পঢ়ক:Akali Dal leader shot dead: দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে আকালি দলৰ প্ৰাক্তন নেতাক, তদন্ত অব্যাহত

ABOUT THE AUTHOR

...view details