নেশ্যনেল ডেস্ক, 4 অক্টোবৰ:দেশজুৰি উৎসৱমুখৰ পৰিৱেশ ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ প্ৰদেশত উলহ মালহে উদযাপন কৰিছে ৰামলীলা (Ravan dies in Ayodhya)৷ উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাত ৰামলীলা অনুষ্ঠানত 'ৰাৱণ'ৰ চৰিত্ৰত অভিনয় কৰা এজন শিল্পী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় (Ravan dies of cardiac arrest)৷
অযোধ্যাৰ আইহাৰ গাঁৱত আয়োজন কৰা সীতা হৰণ নাটত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা 60 বছৰীয়া শিল্পী পাতিৰাম নামৰ লোকজনৰ অভিনয় কৰি থকাৰ সময়তে বুকুৰ বিষ উঠে (Ravan dies of cardiac arrest during Ramlila)৷ লগে লগে লোকজন মঞ্চত বাগৰি পৰে ৷ লগে লগে ৰামলীলাৰ মঞ্চায়ন তৎক্ষণাৎ বন্ধ কৰা হৈছিল ৷
ততালিকে ৰামলীলা সমিতিৰ সদস্যসকলে পাতিৰামক নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক 'মৃত' বুলি ঘোষণা কৰে ৷ চিকিৎসকে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ৷