অসম

assam

ETV Bharat / bharat

৩৭০ অনুচ্ছেদ অস্থায়ী, ছেপ্টেম্বৰ ২০২৪ ৰ ভিতৰত জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ - উচ্চতম ন্যায়ালয়

জম্মু-কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ সাৰ্বভৌমত্ব অন্য ৰাজ্যতকৈ পৃথক নহয় আৰু ৰাজ্যখনৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে ৩৭০ অনুচ্ছেদ অস্থায়ী ব্যৱস্থা । ৩৭০ অনুচ্ছেদ বাতিল আৰু জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় উচ্চতম ন্যায়ালয়ৰ ৷ লগতে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ চৰকাৰী আদেশৰ বৈধতা সমৰ্থন কৰে ন্যায়ালয়ে ।

Article 370 temporary
সৰ্বোচ্চ ন্যায়ালয়

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 1:00 PM IST

Updated : Dec 11, 2023, 3:24 PM IST

নিউজ ডেস্ক, ১১ ডিচেম্বৰ:৩৭০ অনুচ্ছেদ বাতিল আৰু পূৰ্বৰ ৰাজ্য জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা আবেদন সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে ৰায়দান কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্তক লৈ গঠিত পাঁচজনীয়া সংবিধান বিচাৰপীঠে ৰায় পাঠ কৰে ।

ৰাজ্যখনৰ যুদ্ধৰ পৰিস্থিতিৰ বাবে ৩৭০ অনুচ্ছেদ অস্থায়ী ব্যৱস্থা আৰু ৩৭০ অনুচ্ছেদ অন্তৱৰ্তীকালীন ব্যৱস্থা বুলি সোমবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে । উচ্চতম ন্যায়ালয়ে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ নিৰ্দেশ সাংবিধানিকভাৱে বৈধ বুলি কয় । ৫ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা ৩৭০ নং অনুচ্ছেদ বাতিলৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোটৰ ওপৰত নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছিল ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ এছ কে কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই, আৰু সূৰ্য কান্তক লৈ গঠিত পাঁচজনীয়া বিচাৰপীঠে বিষয়টোৰ ওপৰত দাখিল কৰা তথ্যসমূহ ১৬ দিনৰ বাবে শুনানি গ্ৰহণ কৰে । ন্যায়াধীশ গাভাই আৰু ন্যায়াধীশ কাণ্টে কয় যে জম্মু-কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ সাৰ্বভৌমত্ব আন ৰাজ্যতকৈ পৃথক নহয় । জম্মু-কাশ্মীৰে ভাৰত সংঘত যোগদান কৰাৰ সময়ত সাৰ্বভৌমত্বৰ উপাদান বা আভ্যন্তৰীণ সাৰ্বভৌমত্বৰ উপাদান বজাই ৰাখিছিল নেকি বুলি কয়, “আমি নাই বুলি ধৰি লৈছো” ।

বিচাৰপীঠে লগতে কয় যে ৰাষ্ট্ৰপতিৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ ক্ষমতা আছে আৰু ইয়াৰ পূৰ্বে সংবিধান সভাৰ পৰামৰ্শ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ প্ৰয়োজন নাছিল । উচ্চতম ন্যায়ালয়ে কয় যে ৰাষ্ট্ৰপতিয়ে ৰাজ্যিক বিধানসভাৰ সন্মতি লাভ কৰাটো প্ৰয়োজনীয় নহয় আৰু কেন্দ্ৰৰ সন্মতি সাপেক্ষে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ সকলো বিধান জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰিলেহেঁতেন ।

৩৭০ নং অনুচ্ছেদৰ অধীনত বাতিলৰ ক্ষমতা জম্মু-কাশ্মীৰৰ সংহতিৰ বাবে আৰু ৩৭০ নং অনুচ্ছেদৰ অধীনত বিশেষ পৰিস্থিতি আছে নে নাই সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ সিদ্ধান্তক লৈ আদালতে আপীলত বহিব নোৱাৰে বুলি বিচাৰপীঠখনে কয় । বিচাৰপীঠে ভাৰতীয় নিৰ্বাচন আয়োগক ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে শীঘ্ৰে ৰাজ্যৰ মৰ্যদা প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে । ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে লাডাখৰ পুনৰ্গঠনক সমৰ্থন জনায় । বিচাৰপীঠৰ চাৰিজন ন্যায়াধীশে ৩৭০ অনুচ্ছেদ অস্থায়ী বুলি ৰায় দিয়ে । ন্যায়াধীশ কৌলে কয় যে তেওঁৰ সিদ্ধান্ত চিজেআইৰ সিদ্ধান্তৰ সৈতে প্ৰায় একে ।

লগতে পঢ়ক:সংসদৰ শীতকালীন অধিবেশন; আজি লোকসভাত জম্মু-কাশ্মীৰ সন্দৰ্ভত আলোচনা

Last Updated : Dec 11, 2023, 3:24 PM IST

ABOUT THE AUTHOR

...view details