নেচনেল ডেস্ক, 23 জুন :মহামাৰী কৰ’ণাৰ সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে দেশবাসীৰ সন্মুখত দেখা দিছে আন এক নতুন আশংকাই ৷ এই আশংকাৰ মূলতঃ ডেল্টা প্লাছ (Delta Plus strain) নামৰ এক নতুন ভেৰিয়েণ্টে ৷ নতুন ডেল্টা প্লাছৰ প্ৰকাৰটো হৈছে ডেল্টা (B.1.617.2)ৰ পৰিৱৰ্তন, যাৰ ফলত ভাৰতত কৰ’ণাৰ দ্বিতীয় ঢৌ সৃষ্টি হৈছিল ।
বৰ্তমানলৈ দেশত নতুন ভেৰিয়েণ্ট ডেল্টা প্লাছ (Delta Plus strain) ৰ 40 টাৰো অধিক ঘটনা পোহৰলৈ আহিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ডেল্টা প্লাছ ভেৰিয়েণ্টক উদ্বেগৰ প্ৰকাৰ হিচাপে গণ্য কৰিছে ৷ মঙলবাৰে চৰকাৰে মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্য প্ৰদেশলৈ ডেল্টা প্লাছৰ ঘটনাৰ বিষয়ে সতৰ্কবাণী প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, মহাৰাষ্ট্ৰত বৰ্তমান ভাৰতৰ সৰ্বাধিক সংখ্যক ডেল্টা প্লাছ ভেৰিয়েণ্টৰ তথ্য পোৱা গৈছে ৷ সূত্ৰ অনুসৰি মহাৰাষ্ট্ৰত ২১ টা, মধ্য প্ৰদেশত ছয়টা, কেৰালাত তিনিটা, তামিলনাডুত তিনিটা, কৰ্ণাটকত দুটা আৰু পঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ আৰু জম্মুত এটাকৈ ঘটনা আছে । স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে ডেল্টা প্লাছৰ প্ৰকাৰ ভাৰতত তৃতীয় ঢৌৰ কাৰণ হ'ব পাৰে ।