অসম

assam

Pithoragarh Army soldier martyred : পুলৱামাত শ্বহীদ পিথোৰাগড় গংগোলিহাটৰ সেনা জোৱান দীপক সিং

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 7:52 AM IST

জম্মু-কাশ্মীৰৰ পুলৱামাত শ্বহীদ হ’ল গংগোলিহাট তহচিলৰ বেলপট্টি অঞ্চলৰ সুগ্ৰী গাঁৱৰ বাসিন্দা দীপক সিং ৷ মাত্ৰ কেইদিনমান পূৰ্বে ছুটী সম্পূৰ্ণ কৰি পুনৰ কৰ্তব্যলৈ উভতি আহিছিল দীপক ৷ সেনা জোৱানজনৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে সুগ্ৰী গাঁৱত ৷

Pithoragarh Army soldier martyred
পুলৱামাত শ্বহীদ হ’ল দীপক সিং

নেশ্যনেল ডেস্ক, 27 অক্টোবৰ :ভাৰত সীমান্তৰ পিথোৰাগড়ৰ গংগোলিহাটৰ পৰা আহিছে দুঃখবৰ খবৰ । তথ্য অনুসৰি, জম্মু-কাশ্মীৰৰ পুলৱামাত নিয়োজিত হৈ থকা ভাৰতীয় সেনাৰ এজন জোৱান শ্বহীদ হৈছে । শ্বহীদ জোৱানজনৰ নাম দীপক সিং বুলি জানিব পৰা গৈছে ।

গংগোলিহাট তহচিলৰ বেলপট্টি অঞ্চলৰ সুগ্ৰী গাঁৱৰ বাসিন্দা শ্বহীদ জোৱানজন । পুলৱামাত নিয়োজিত হৈ থকা ভাৰতীয় সেনা জোৱানজন শ্বহীদ হোৱাৰ কথা সেনা বিষয়াৰ জৰিয়তে পৰিয়ালৰ লোকক অৱগত কৰা হয় । শ্বহীদ জোৱানজনৰ এই খবৰ লাভ কৰাৰ পিচতে কেৱল পৰিয়ালতে নহয় সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ।

কিছুদিন পূৰ্বে ছুটী লৈ ঘৰলৈ আহিছিল দীপক সিং :

শ্বহীদ জোৱান দীপক সিঙে মাত্ৰ দুসপ্তাহ পূৰ্বে ছুটী সম্পূৰ্ণ কৰি পুনৰ কৰ্তব্যলৈ ঘূৰি আহিছিল । তেওঁ পেৰা স্পেচিয়েল কমাণ্ডোৰ প্ৰশিক্ষণ লৈছিল । বৰ্তমান তেওঁ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ কিৰুত নিয়োজিত কৰা হৈছিল, য’ত তেওঁ বৃহস্পতিবাৰে শ্বহীদ বৰণ কৰে । অৱশ্যে সেনা জোৱানজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । শ্বহীদ জৱান দীপকে 2015 চনত ভাৰতীয় সেনা বাহিনীত নিযুক্তি লাভ কৰিছিল ।

তিনিমাহ আগতে পত্নীৰ মৃত্যু হয় :

শ্বহীদ দীপকে এই ইহ সংসাৰত এৰি থৈ যায় এবছৰীয়া এটি পুত্ৰ ৷ তিনিমাহ পূৰ্বে তেওঁৰ পত্নী হিমানী দেৱীৰো মৃত্যু হৈছিল ।বৰ্তমান তেওঁৰ পুত্ৰ থাকে ভগ্নী কোসুৰী দেৱীৰ সৈতে ৷ গংগোলিহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মংগল সিং নেগীয়ে পৰিয়ালৰ সদস্যৰ পৰা দীপক সিং শ্বহীদ হোৱাৰ তথ্য লাভ কৰিছে ৷

পৰিয়ালৰ লোকে জনোৱা মতে, ইউনিটৰ পৰা জম্মু কাশ্মীৰ ইউনিটত উপস্থিত হোৱা নাই দীপক সিঙৰ মৃতদেহ । শুকুৰবাৰে সন্ধিয়া শেষৰ ফালে দীপকৰ মৃতদেহ গংগোলিহাটত উপস্থিত হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Right to marry person of choice; নিজৰ পছন্দৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাটো সাংবিধানিক অধিকাৰ, পৰিয়ালে আপত্তি কৰিব নোৱাৰে : দিল্লী উচ্চ ন্যায়ালয়

ABOUT THE AUTHOR

...view details