নেশ্যনেল ডেস্ক, 10 ছেপ্টেম্বৰ: দুদিনীয়া কাৰ্যসূচীৰে লাডাখত উপস্থিত হৈছে সেনাপ্ৰধান জেনেৰেল মনোজ পাণ্ডে (Army Chief on 2 day Ladakh visit)৷ শনিবাৰে লাডাখত উপস্থিত হৈ পূব লাডাখৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ এক বিস্তৃত পৰ্যালোচনা কৰে সেনাপ্ৰধানগৰাকীয়ে(Army Chief Gen Manoj Pande )৷ গোগ্ৰা-হটস্প্ৰিংছ অঞ্চলৰ টহলদাৰী পইণ্ট 15-ৰ পৰা ভাৰত আৰু চীনা সৈন্যবাহিনীৰ বিছিন্নতাকৰণ প্ৰক্ৰিয়াৰ পাছতেই অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় সেনাপ্ৰধানগৰাকী(Amid disengagement of troops from Patrolling Point 15)৷
সেনাপ্ৰধানগৰাকীয়ে অঞ্চলটোত নিয়োজিত বিষয়া আৰু সৈন্যৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও অনুশীলন 'পাৰ্বত প্ৰহাৰ' পৰিভ্ৰমণ কৰে ৷ এই পৰিভ্ৰমণৰ কালত সেনাপ্ৰধানগৰাকীৰ সন্মুখত আৰ্টিলাৰী গান আৰু অন্যান্য মুখ্য অস্ত্ৰ প্ৰণালীৰ দ্বাৰা কাৰ্যকৰী ক্ষমতা প্ৰদৰ্শন কৰা হৈছিল ৷
লেহ-ভিত্তিক ফায়াৰ এণ্ড ফিউৰী কৰ্পৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল অনিন্দ্য সেনগুপ্তা আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে জেনেৰেল পাণ্ডেক পেট্ৰ'লিং পইণ্ট-১৫ত চলি থকা বিচ্ছিন্নতা প্ৰক্ৰিয়াকে ধৰি সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ৷ সেনাপ্ৰধানগৰাকীয়ে দেওবাৰে চিয়াচেন ভ্ৰমণ কৰাৰ কথা আছে ৷