অসম

assam

By

Published : May 27, 2023, 9:53 PM IST

ETV Bharat / bharat

Army chief in Manipur: মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ সেনা প্ৰধানৰ

মণিপুৰৰ আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতিৰ বাবে সেনা প্ৰধান (চিঅএএছ) জেনেৰেল মনোজ পাণ্ডে আৰু লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা জিঅ'চি-ইন-চীফৰ সৈতে শনিবাৰে সন্ধ্যা ইম্ফলৰ ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰে (Army Chief Called on Manipur Governor) ৷

Army Chief Called on Manipur Governor at Imphal
মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ সেনা প্ৰধানৰ

তেজপুৰ, 27 মে’: অশান্তজৰ্জৰ মণিপুৰ ৷ মণিপুৰৰ আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতিৰ বাবে সেনা প্ৰধানৰ (চিঅএএছ) জেনেৰেল মনোজ পাণ্ডে আৰু লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতা জিঅ'চি-ইন-চীফৰ সৈতে শনিবাৰে সন্ধ্যা ইম্ফলৰ ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীক সাক্ষাৎ কৰে (Army Chief Called on Manipur Governor) ৷

গৃহসূত্ৰই জনোৱা অনুসৰি দুয়োগৰাকী সেনা বিষয়াই ৰাজ্যপালৰ সৈতে বৈঠকত মিলিত হয় (Governor of Manipur Anusuiya Uikey) ৷ এই বৈঠকত মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ গতিপথৰ ওপৰত আলোচনা কৰা হয়, যাতে অতি সোনকালে ৰাজ্যখনত স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই আনিব পাৰে ৷

সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেই দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ইম্ফলত উপস্থিত হয় ৷ সেনা সূত্ৰৰ মতে তেওঁৰ কাইলৈ ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়সূচী আছিল। কিন্তু মণিপুৰৰ আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতিৰ বাবে তেওঁ ৰাজ্যপালগৰাকীক আজিয়েই সাক্ষাৎ কৰে ৷ ৰাজ্যখনত নিৰাপত্তা বাহিনীৰ সঘনাই নিয়োজিত হোৱাৰ পিচতে অপ্ৰীতিকৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে।

এই বৈঠকত ৰাজ্যখনত যিকোনো হিংসাত্মক আৰু অপ্ৰীতিকৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে প্ৰস্তুত কৰা প্ৰচলিত পৰিস্থিতি আৰু নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। ৰাজ্যপালগৰাকীয়ে ৰাজনৈতিক দল, চিএছঅ' আৰু সমাজৰ ভুক্তভোগী শ্ৰেণীৰ বিভিন্ন প্ৰতিনিধি দলৰ পৰা প্ৰাপ্ত পৰামৰ্শ আৰু অভিযোগসমূহ সেনা প্ৰধানগৰাকীক অৱগত কৰিছে। ৰাজ্যপালে ৰাজ্যখনৰ বিদ্যমান পৰিস্থিতি দ্ৰুতগতিত স্বাভাৱিক কৰি তুলিবলৈ নিৰ্দেশনা দিয়ে ।

ইফালে শেহতীয়াকৈ ভাৰতীয় সেনাবাহিনীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে (defence spokesperson Lt Col Mahendra Rawat) জনোৱা অনুসৰি ৰাজ্যখনত সম্প্ৰতি সেনা জোৱানৰ সংখ্যা বৃদ্ধি কৰা হৈছে (Army enhances deployment in Manipur) । শেহতীয়াকৈ হিংসাত্মক ঘটনা সংঘটিত হোৱা অঞ্চলবোৰত দুষ্কৃতিকাৰীক আটক কৰিবলৈ চোৰাংচোৱা অভিযান তীব্ৰ কৰি তুলিছে ।

আনহাতে শেহতীয়া ঘটনাৰ পিচতে সেনা আৰু অসম ৰাইফলছে বিপদৰ আশংকা থকা অঞ্চলবোৰৰ লগতে সমগ্ৰ ইম্ফল উপত্যকাতে ব্যাপক যৌথ অভিযান আৰম্ভ কৰিছে (operation against armed personnel in Manipur) ।

লগতে পঢ়ক:Violence Hit Manipur : মণিপুৰত নিয়োজিত সেনাৰ সংখ্য বৃদ্ধি; সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে অভিযান

ইয়াৰ অংশ হিচাবে সেনা আৰু অসম ৰাইফলছে মণিপুৰত শনিবাৰে পুৱাৰে পৰা কাংচুক, মটবুং, চাইকুল, পুখাও চাগোলমাং অঞ্চলত অভিযান তীব্ৰ কৰি তুলিছে । লগতে অঞ্চলবোৰত সক্ৰিয় হৈ থকা যিকোনো সশস্ত্ৰ বিদ্ৰোহীক বিচাৰি উলিওৱাৰ বাবে একাধিক অভিযান আৰম্ভ কৰিছে (Manipur violence) ।

ABOUT THE AUTHOR

...view details