নিউজ ডেস্ক, 27 জুলাই : আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড৹ এ পি জে আব্দুল কালামৰ (APJ Abdul Kalam) ষষ্ঠ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ 2015 চনৰ 27 জুলাইত কালামে শ্বিলঙস্থিত IIMত এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল ৷ এই অনুষ্ঠানতে ভাষণ প্ৰদানৰ ঠিক 6 মিনিটমান পিছতেই মঞ্চতেই ঢলি পৰে মিছাইল মেন (Missile Man of India)৷
তেওঁক তাৎক্ষণিকভাৱে সংকটজনক অৱস্থাত ওচৰৰ বেথনী হাস্পতাল (Bethany Hospital)ৰ ICUত ভৰ্তি কৰোৱা হয় যদিও সন্ধিয়া প্ৰায় 7.54 বজাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ শেষ নিঃশ্বাস ত্যাগ কৰে কালামে ৷ 2015 চনত 30 জুলাইত ৰামেশ্বৰমৰ পেই কাৰুম্বু পথাৰত (Pei Karumbu Ground)ত কৱৰস্থ কৰা হয় ড৹ এ পি জে আব্দুল কালামক ৷
2002 চনত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত দেশৰ 11তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ড৹ এ পি জে আব্দুল কালাম ৷ তেওঁ 2002ৰ পৰা 2007 চনলৈ দেশৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল ৷