অসম

assam

ETV Bharat / bharat

One Nation One Election : এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ সপক্ষে ৱাইএছআৰচিপিৰ শীৰ্ষ নেতা

শাসনাধিষ্ঠিত ৱাইএছআৰচিপিৰ সাধাৰণ সম্পাদক ভি বিজয় সাই ৰেড্ডীয়ে শনিবাৰে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' প্ৰস্তাৱক সমৰ্থন কৰি কয় যে ইয়াৰ বহুতো ইতিবাচক দিশ আছে আৰু ই হাজাৰ হাজাৰ কোটি টকা ৰাহি কৰাত সহায় কৰিব পাৰে ।

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:26 PM IST

One Nation One Election
One Nation One Election

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ শাসনাধিষ্ঠিত ৱাইএছআৰচিপিৰ সাধাৰণ সম্পাদক ভি বিজয় সাই ৰেড্ডীৰ 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' প্ৰস্তাৱক সমৰ্থন । শনিবাৰে এই প্ৰস্তাৱৰ হৈ ওকালতি কৰি ৰেড্ডীয়ে কয় যে ইয়াৰ বহুতো ইতিবাচক দিশ আছে আৰু ই হাজাৰ হাজাৰ কোটি টকা ৰাহি কৰাত সহায় কৰিব পাৰে ।

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী নেতৃত্বাধীন ৱাইএছআৰ কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্য বিজয়সাই ৰেড্ডীয়ে ৰাজ্যসমূহৰ বিধানসভা আৰু লোকসভাৰ নিৰ্বাচন একেলগে অনষ্ঠিত কৰাৰ সম্ভাৱনীয়তা অধ্যয়ন কৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতি গঠন কৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে নিজৰ মতামত ব্যক্ত কৰে ।

ৰেড্ডীয়ে পূৰ্বৰ টুইটাৰ তথা বৰ্তমানৰ এক্সত পোষ্ট কৰি কয়, "এক ৰাষ্ট্ৰ, এক নিৰ্বাচনৰ ধাৰণাটোৰ বহুতো ইতিবাচক তাৎপৰ্য আছে । সৰ্বাধিক ইতিবাচক দিশ হৈছে ই হাজাৰ হাজাৰ কোটি টকা ৰাহি কৰিব ।" তেওঁ ভাৰতৰ নিৰ্বাচনৰ বাবে এই ধাৰণাটো নতুন নহয় বুলি জোৰ দি কয় যে ১৯৫১-৫২, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত একেলগে সাধাৰণ আৰু ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

"১৯৫১-৫২, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত ভাৰতত একেলগে সাধাৰণ আৰু ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত হৈছিল । পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, যদি লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হয় তেন্তে অন্ধ্ৰপ্ৰদেশত ই আমাক প্ৰভাৱিত নকৰে ।" ৰেড্ডীয়ে পোষ্টটোত কয় ।

উল্লেখ্য যে শুকুৰবাৰে কেন্দ্ৰই দেশত একেলগে নিৰ্বাচনৰ ব্যৱহাৰিকতা আৰু সম্ভাৱনা অন্বেষণ কৰিবলৈ ৰামনাথ কোবিন্দৰ নেতৃত্বত এক পেনেল গঠন কৰিছে । প্ৰস্তাৱটো মুম্বাইত বিৰোধীৰ ইণ্ডিয়া মিত্ৰজোঁটৰ তৃতীয় সন্মিলন অনুষ্ঠিত হৈ থকাৰ সময়তে আহে । আনহাতে, বিভিন্ন ৰাজ্যৰ বিজেপি মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱটোক আদৰণি জনাইছে । ইফালে বিৰোধীয়ে দৃঢ়তাৰে কৈছে যে তেওঁলোক আগতীয়া নিৰ্বাচনৰ বাবে সাজু হ'ব ।

লগতে পঢ়ক :Parliament Special Session : বিশেষ অধিবেশন আগতীয়া লোকসভা নিৰ্বাচনৰ আগজাননী; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ

ABOUT THE AUTHOR

...view details