অসম

assam

ETV Bharat / bharat

কৰ্ণাটক বিধানসভাত গৃহীত Right to Freedom of Religion Bill 2021

কৰ্ণাটক বিধানসভাত গৃহীত হ’ল Right to Freedom of Religion Bill 2021 ৷ এই বিধেয়কৰ জৰিয়তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ব্যক্তিকেই নিজৰ ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰিব নোৱাৰিব ৷

By

Published : Dec 23, 2021, 6:03 PM IST

Updated : Dec 23, 2021, 7:29 PM IST

Right to Freedom of Religion Bill 2021
Right to Freedom of Religion Bill 2021

নিউজ ডেস্ক, 23 ডিচেম্বৰ : কৰ্ণাটক বিধানসভাত বৃহস্পতিবাৰে গৃহীত হ’ল Right to Freedom of Religion Bill 2021 চমুকৈ ধৰ্মান্তকৰণ বিৰোধী বিধেয়ক ৷ এই বিধেয়কৰ জৰিয়তে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ব্যক্তিকেই নিজৰ ধৰ্ম সলনি কৰিবলৈ বাধ্য কৰিব নোৱাৰিব ৷ বিধানসভাৰ মজিয়াত বিৰোধী প্ৰৱল প্ৰতিবাদৰ পাচতো ধ্বনি ভোটৰ জৰিয়তে গৃহীত হয় এই বিধেয়কখন ৷ মন কৰিবলগীয়া যে, এই বিধেয়কখনে ইতিমধ্যেই ধৰ্মান্তৰিত হোৱা ব্যক্তিক আগৰ ধৰ্মলৈ পুনঃ ধৰ্মান্তৰিত হোৱাৰ বাবে ব্যৱস্থা ৰাখিছে ৷

এই বিধেয়ক আইনত পৰিণত হ’লে যিকোনো পৰিয়াল বা ব্যক্তিবিশেষে ধৰ্মান্তকৰণৰ বলি হ’লে তাৰ বিৰোধিতাৰে অভিযোগ দাখিল কৰিব পাৰিব ৷ সাধাৰণ লোকক ধৰ্মান্তৰ কৰিব খোজা সকলৰ ক্ষেত্ৰত এই বিধেয়কত 3 বছৰৰ পৰা 5 বছৰৰ কাৰাদণ্ড আৰু 25 হাজাৰ টকা জৰিমনা বিহাৰ বাবে প্ৰস্তাৱ উল্লেখ কৰা হৈছে বিধেয়ক খনত ৷ কিন্তু অনুসূচীত জাতি বা জনজাতিৰ কোনো মহিলা,শিশু বা লোকক ধৰ্মান্তকৰণ কৰিব বিচৰা সকলৰ ক্ষেত্ৰত 3 ৰ পৰা 10 বছৰ পৰ্যন্ত কাৰাবাস আৰু 50 হাজাৰ টকাৰ জৰিমনা বিহাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৷

এই বিধেয়ক অনুসৰি আদালতৰ নিৰ্দেশ মতে ভুক্তভোগীক ধৰ্মান্তকৰণ কৰিব খোজা ব্যক্তিয়ে পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব ৷ যিয়েই বাৰে বাৰে এনে কাৰ্য কৰা চেষ্টা কৰে, সেইসকলক দুগুণ শাস্তি প্ৰদান কৰা হ’ব ৷ ধৰ্মান্তকৰণৰ বাবে জোৰ কৰি বিবাহ সম্পন্ন কৰিলে যিকোনো জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বিয়াখন বাতিল কৰিব পাৰিব ৷

লগতে পঢ়ক :Cattle Preservation Amendment Bill: বিধানসভাত গৃহীত গো-সুৰক্ষা সংশোধনী বিধেয়ক

Last Updated : Dec 23, 2021, 7:29 PM IST

ABOUT THE AUTHOR

...view details