অসম

assam

Cheetah Dies At Kuno: এটা মাহত কুনো ৰাষ্ট্ৰীয় উদ্যানত দুটা চিতাৰ মৃত্যু

By

Published : Apr 24, 2023, 10:57 AM IST

দক্ষিণ আফ্ৰিকাৰ পৰা অনা ২০ টা চিতাৰ ভিতৰত এতিয়া ১৮ টা হে আছে (Cheetah at Kuno National Park)। যোৱা মাহত ৫ বছৰীয়া এটা চিতাৰ মৃত্যু হয় । দেওবাৰে পুনৰ ৬ বছৰীয়া উদয় নামৰ চিতাটোৰ মৃত্যু হয় ।

Cheetah Dies At Kuno National Park
কুনো ৰাষ্ট্ৰীয় উদ্যানত আন এটা চিতাৰ মৃত্যু

নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল :দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনাৰ দুমাহ পাচতে মৃত্যু হ'ল উদয় নামৰ এটা চিতাৰ (Another Cheetah dies)। দেওবাৰে পুৱা অসুস্থ হৈ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত চিতাটোৰ মৃত্যু হয় । ৬ বছৰীয়া উদয় ফেব্ৰুৱাৰীত দেশলৈ অনা ১২ টা চিতাৰ ভিতৰত অন্যতম আছিল ।

বন বিভাগে জনোৱা মতে দৈনিক স্বাস্থ্য পৰীক্ষাৰ সময়ত উদয় নামৰ চিতাটোক অলস দেখা গৈছিল অৱশ্যে চিতাটো খোজ কাঢ়ি আছিল । যাৰ বাবে চিতাটোক ট্ৰেংকুলাইজ কৰা হয় আৰু পুৱা ১১ বজাত প্ৰথম পৰ্যায়ৰ চিকিৎসা প্ৰদান কৰা হয় । তাৰ পাচত চিতাটোক ডাঙৰ পিঞ্জৰাৰ পৰা বাহিৰলৈ লৈ যোৱা হয় । কিন্তু দুৰ্ভাগ্যজনকভাৱে উদয়ৰ কেইঘণ্টামান পাচতে আবেলি ৪ বজাত মৃত্যু হয় (Cheetah dies at Kuno National Park)।

এগৰাকী জ্যেষ্ঠ বন বিষয়াই জনোৱা মতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃত্যুৰ কাৰণ জানিব পৰা যাব । বিশ্বৰ প্ৰথম আন্তঃমহাদেশীয় স্থানান্তৰ প্ৰকল্পৰ অধীনত ভাৰতলৈ ২০ টা চিতা অনা হৈছিল । তাৰ ভিতৰত এতিয়া ১৮ টা চিতা হে আছে (Cheetah imported form South Africa)।

বৃক্কৰ ৰোগত আক্ৰান্ত হোৱাৰ ফলত যোৱা মাহত নামিবিয়াৰ পৰা অনা ৫ বছৰীয়া চিতা ছাছাৰ মৃত্যু হৈছিল । প্ৰথমে কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা চিতা কেইটাৰ ভিতৰত আছিল ছাছা । যোৱা বছৰ নামিবিয়াৰ পৰা অনা ৫ টা মাইকী চিতাৰ ভিতৰত ছাছা অন্যতম আছিল । নামিবিয়াৰ পৰা অনা ৮ টা চিতাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা বছৰ তেওঁৰ জন্মদিনত কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিছিল । দ্বিতীয় পৰ্যায়ত দক্ষিণ আফ্ৰিকাৰ পৰা ৭ টা মতা আৰু ৫ টা মাইকী চিতা অনা হৈছিল ।

চিতা প্ৰজাতি ১৯৫২ চনত দেশৰ পৰা বিলুপ্ত হোৱা বুলি ঘোষণা কৰা হৈছিল । ২০২০ চনত উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ সময়ত চিতাক পুনৰ ভাৰতক পৰিচয় কৰি দিয়াৰ বাবে আফ্ৰিকান চিতাক পৰীক্ষামূলক ভিত্তিত সাৱধানে বাছনি কৰি দেশখনলৈ অনা হ'ব পাৰে বুলি কোৱা হৈছে ।

প্ৰকল্পটোৰ মতে, নতুন চিতাৰ জনসংখ্যা বৃদ্ধিৰ বাবে প্ৰথমে প্ৰায় ১২-১৪ টা চিতা দক্ষিণ আফ্ৰিকাৰ নামিবিয়া আৰু অন্যান্য স্থানৰ পৰা ৫ বছৰৰ বাবে প্ৰতিষ্ঠাপক ষ্টক হিচাবে আমদানি কৰা হ'ব আৰু তাৰ পাচত কাৰ্যসূচীটোৰ প্ৰয়োজন অনুসৰি অনা হ'ব । দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰতে পৰৱৰ্তী সময়ত আফ্ৰিকান চিতা আমদানিৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে ।

লগতে পঢ়ক :মধ্য প্ৰদেশৰ কুনো বনাঞ্চলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে চিতা

ABOUT THE AUTHOR

...view details