নিউজ ডেস্ক, ১২ ডিচেম্বৰ : গুণ্টুৰৰ প্ৰধান জিলা ন্যায়াধীশে সোমবাৰে অন্ধ্ৰপ্ৰদেশ চিআইডিৰ পৰা মাৰ্গদৰ্শী চিটফাণ্ডৰ ১,০৫০ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ বিষয়টো চূড়ান্ত কৰিবলৈ বিচৰা তিনিখন আবেদন খাৰিজ কৰিছে ।
আদালতে অন্ধ্ৰপ্ৰদেশ চিআইডিৰ এডিজিপিয়ে দাখিল কৰা আবেদনসমূহ খাৰিজ কৰে । মাৰ্গদৰ্শীয়ে ইয়াৰ গ্ৰাহকসকলক মেচিউৰিটীৰ ধন পৰিশোধ কৰাত ব্যৰ্থ হৈছে বুলি চিআইডিয়ে প্ৰমাণ কৰিব নোৱাৰে বুলি পতিয়ন যোৱাৰ পিছত এই সিদ্ধান্তত উপনীত হয় ।
গুণ্টুৰৰ প্ৰধান জিলা ন্যায়াধীশ ৱাইভিএছবিজি পাৰ্থসাৰথিয়ে কয় যে তিনিটা চৰকাৰী আদেশ- ২৯ মে'ত জাৰি কৰা জিঅ' 104, ১৫ জুনত জাৰি কৰা জিঅ' 116 আৰু 27 জুলাইৰ জিঅ' 134ৰ দ্বাৰা চিআইডিক দীঘলীয়া শুনানিৰ পিছত 1,050 কোটি টকাৰ সম্পত্তি 'অন্তৰ্ৱৰ্তীকালীন' হিচাপে জব্দ কৰাৰ অনুমতি দিছিল ।
আনহাতে, মাৰ্গদৰ্শীৰ হৈ যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা পোছানী ভেংকটেশ্বৰলু আৰু অধিবক্তা পি ৰাজাৰাৱে কয় যে কোম্পানীটোৰ সম্পত্তি জব্দ কৰাৰ কোনো প্ৰশ্নয়ে উত্থাপিত নহয়, কিয়নো কোনো গ্ৰাহকে ধন পৰিশোধ নকৰা বুলি অভিযোগ কৰা নাই ।