অসম

assam

ETV Bharat / bharat

গুজৰাটত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্তাৰ - emergency landing

জৰুৰীকালীন অৱতৰণ ভাৰতীয় সেনাৰ এখন হেলিকপ্তাৰ ৷ গুজৰাটৰ খেডা জিলাৰ মহুদা তালুকৰ বীনা গাঁৱৰ এখন ফাৰ্মত অৱতৰণ বিমানখনৰ । যান্ত্ৰিক বিজুতিৰ ফলত জৰুৰীকালীন অৱতৰণ কৰে বিমানখনে । এই ঘটনাত কোনো আহত হোৱা নাই বুলি সেনাৰ সূত্ৰত প্ৰকাশ ।

গুজৰাটত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্টাৰ
গুজৰাটত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্টাৰ

By

Published : Mar 7, 2021, 10:45 AM IST

নিউজ ডেস্ক,৭ মাৰ্চ: শনিবাৰে গুজৰাটৰ খেডা জিলাত সেনাৰ এখন হেলিকপ্তাৰে জৰুৰী অৱতৰণ কৰে । যান্ত্ৰিক বিজুতিৰ ফলত জৰুৰী অৱতৰণ কৰে সেনাৰ হেলিকপ্তাৰখনে । হেলিকপ্তাৰখনত সেনাৰ লেফটেনেণ্ট জেনেৰেলকে ধৰি তিনিগৰাকী সেনা আছিল । এই ঘটনাত কোনো আহত হোৱা নাই বুলি সেনাৰ সূত্ৰই জানিবলৈ দিয়ে ।

গুজৰাটত জৰুৰী অৱতৰণ ভাৰতীয় সেনাৰ হেলিকপ্তাৰ

তিনিদিনীয়া সংযুক্ত কমাণ্ডাৰ সন্মিলন সমাপ্তিৰ পাচত শনিবাৰে ৰাতিপুৱা নৰ্মদা জিলাৰ কেৱাড়িয়াৰ পৰা উভতি অহাৰ সময়তে সেনাৰ হেলিকপ্তাৰখনৰ যান্ত্ৰিক বিজুতি ঘটে । গুজৰাটৰ খেডা জিলাৰ বীনা গাঁৱৰ এখন ফাৰ্মত জৰুৰীকালীন অৱতৰণ কৰাৰ ফলত অঞ্চলটো সম্প্ৰতি বন্ধ কৰি দিয়া হয় । হাইড্ৰলিক তেল লিকেজৰ বাবে এই যান্ত্ৰিক বিজুতি ঘটে বুলি জানিবলৈ দিয়ে সেনা সূত্ৰই ।

লগতে পঢ়ক: নিজ দেশৰ নাগৰিকক ভাৰতৰ পৰা ঘূৰাই পঠিওৱাৰ আহ্বান ম্যানমাৰৰ

ABOUT THE AUTHOR

...view details