নেশ্যনেল ডেস্ক, ২৮ জানুৱাৰী :ভাৰতৰ কেইবাখনো ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে । উত্তৰাখণ্ডত আহি থকা বিধানসভা নিৰ্বাচনক লৈও প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পাইছে । শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনত উপস্থিত হৈছে বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah in Uttarakhand) ।
দিনজোৰা কাৰ্যসূচীৰে উত্তৰাখণ্ডত উপস্থিত হোৱা অমিত শ্বাহে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । ইতিমধ্যে উত্তৰাখণ্ডৰ প্ৰসিদ্ধ ৰুদ্ৰনাথ মন্দিৰ দৰ্শন কৰি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে নেতাগৰাকীয়ে (Election campaign of Amit Shah in Uttarakhand)। প্ৰথমে নেতাগৰাকীয়ে ৰুদ্ৰপ্ৰয়াগৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰা ধৰণেই তেওঁ ৰুদ্ৰপ্ৰয়াগত ঘৰে ঘৰে গৈ বিভিন্ন জনৰ সৈতে মত-বিনিময় কৰে ।
ঘৰে ঘৰে প্ৰচাৰ অভিযান চলোৱাৰ পাছতে শ্বাহে প্ৰাক্তন সেনা জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰিব । ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে চতুৰ্থ কাৰ্যসূচী হিচাপে "মাতৃ শক্তি সম্বাদ"ত (মহিলাৰ সৈতে বাৰ্তালাপ) অংশগ্ৰহণ কৰিব । ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩ বজাত ৰাজ্যখনৰ অনুসূচীত জাতিৰ বিভিন্নজন লোকৰ সৈতে বাৰ্তালাপ কৰিব ।