নেশ্যনেল ডেস্ক,২৪ জুন :মণিপুৰ এতিয়াও শান্ত হোৱা নাই । প্ৰতিদিনে বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখা গৈছে । নিৰাপত্তা বাহিনীয়ে ৰাজ্যজুৰি চোকা দৃষ্টি ৰাখিছে যদিও এতিয়ালৈ পৰিস্থিতি উন্নত হোৱা নাই । ইয়াৰ মাজতে নতুন দিল্লীত অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক ।
মণিপুৰত নিৰন্তৰ জাতিগত হিংসাৰ বিষয়ে আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে দিল্লীত এই সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰে । সংসদ ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বাওঁপন্থী দল আৰু অন্যান্য বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে অংশগ্ৰহণ কৰে । বৈঠকখন আবেলি ৩ বজাত আৰম্ভ হয় ।
বৈঠকত অংশগ্ৰহণ কৰা নেতাসকলৰ ভিতৰত আছিল বিজেপিৰ সভাপতি জে পি নাড্ডা, মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ওক্ৰাম ইবোবি সিং, তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ'ব্ৰাইন, মেঘালয়ৰ মুখ্যমন্ত্ৰী তথা এনপিপি নেতা কনৰাড চাংমা, এআইএডিএমকেৰ নেতা এম থাম্বি দুৰাই , ডিএমকেৰ নেতা তিৰুচি শিৱ, বিজেডিৰ পিনাকী মিশ্ৰ, আম আদমি পাৰ্টীৰ সঞ্জয় সিং, আৰজেদিৰ মনোজ ঝা আৰু শিৱসেনা (উদ্ধৱ বালাচাহেব ঠাকৰে) দলৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদী ।