নেশ্যনেল ডেস্ক, 27 জানুৱাৰী:সমগ্ৰ দেশ তথা ৰাজ্যজুৰি উলহে মালহেৰে পালন কৰা হয় 74 তম গণৰাজ্য দিৱস (74th Republic day observed in India) ৷ ইয়াৰ ব্যতিক্ৰম নহ’ল জম্মু কাশ্মীৰতো ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জম্মু কাশ্মীৰত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় (Republic day functions held in Amid tight security) ৷
জম্মু কাশ্মীৰৰ শ্ৰীনগৰত আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচী আয়োজন কৰিছিল ৰাজ্যবাসীয়ে ৷ শ্ৰীনগৰৰ চানৱাৰৰ শ্বেৰ-ই-কাশ্মীৰ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ এই অনুষ্ঠানত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল লেফটেনেণ্ট গৱৰ্ণৰ (Lieutenant Governor of Jammu and Kashmir) মনোজ সিনহা উপস্থিত থাকে ৷ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি উলিওৱা আৰক্ষী আৰু চিআৰপিএফৰ মাৰ্চ পাছৰ নেতৃত্ব দিয়ে আৰ আৰ ভাটনাগৰে (R R Bhatnagar led the parade) ৷
ভাটনাগৰে তেওঁৰ ভাষণত কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে জম্মু-কাশ্মীৰৰ সকলো জিলাৰ উন্নয়ন আৰু প্ৰগতিৰ ওপৰত চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ যুৱসকলৰ কল্যাণ আৰু নিযুক্তিৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰিছে (Welfare and employment opportunities for youth) ৷
ইফালে এই অনুষ্ঠান আয়োজনৰ সময়ত যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বলৈ শ্ৰীনগৰত বৃহৎ সংখ্যক আৰক্ষী আৰু চিআৰপিএফৰ জোৱান মোতায়েন কৰাৰ লগতে অনুষ্ঠানস্থলীৰ চাৰিওফালে কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল (Tight security around venue)৷