অসম

assam

By

Published : Sep 1, 2021, 8:20 PM IST

ETV Bharat / bharat

ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিব লাগে গৰুক: এলাহবাদ হাই ক'ৰ্ট

গৰুক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিয়াৰ পৰামৰ্শ উচ্চ ন্যায়ালয়ৰ ৷ এলাহবাদ উচ্চ ন্যায়ালয়ে এই পৰামৰ্শ প্ৰদান কৰিছে ৷ গৰুৰ পূজা কৰিলেহে দেশৰ সমৃদ্ধি হ'ব বুলি পোষণ ন্যায়ালয়ৰ ৷

allahabad high court suggest to declare cow as national animal
ৰাষ্ট্ৰীয় পশু মৰ্যাদা দিব লাগে গৰুক

নেশ্যনেল ডেস্ক, 1ছেপ্তেম্বৰ :গৰুক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিয়াৰ পৰামৰ্শ প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে ৷ এই সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰি এলাহবাদ উচ্চ ন্যায়ালয়ে(allahabad high court) কয় যে, গৰুক কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰা চোৱা উচিত নহয় ৷ প্ৰতিজন নাগৰিকেই সংস্কৃতি ৰক্ষাৰ বাবে দায়বদ্ধ বুলি মত পোষণ কৰি ন্যায়ালয়ে গৰুক ৰাষ্ট্ৰীয় জন্তুৰ মৰ্যাদা দিয়াৰ পৰামৰ্শ প্ৰদান কৰে ৷

ন্যায়লয়ে কয় যে, গৰুৰ পূজা কৰিলেহে দেশৰ সমৃদ্ধি হ'ব ৷ সেয়ে গৰুক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দিয়াৰ বাবে সংসদত এখন বিধেয়ক অনা উচিত বুলি আদালতে মত পোষণ কৰে ৷

লগতে পঢ়ক :পশু-পালকৰ বাবে আহুকালহে হ’ল নেকি গো-সুৰক্ষা আইন ?

ABOUT THE AUTHOR

...view details