অসম

assam

Nipah virus in Kozhikode : নিপা ভাইৰাছে ছানি ধৰিছে কেৰালাৰ কোজিকোড; ২৪ ছেপ্টেম্বৰলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

By ANI

Published : Sep 16, 2023, 8:01 AM IST

নিপা ভাইৰাছৰ কৰাল গ্ৰাসত পৰিছে কেৰালাৰ কোজিকোড চহৰ ৷ কোজিকোডত ত্ৰমাৎ বৃদ্ধি পাইছে নিপা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ যাৰ বাবে কোজিকোডৰ সকলো শিক্ষানুষ্ঠান ২৪ ছেপ্টেম্বৰলৈকে বন্ধ কৰি ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে জিলা প্ৰশাসনে ৷

Nipah virus in Kozhikode
নিপা ভাইৰাছে ছানি ধৰিছে কেৰালাৰ কোজিকোড

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ :কেৰালাত অব্যাহত আছে নিপা ভাইৰাছৰ ত্ৰাস ৷ ত্ৰমাৎ কেৰালাত বৃদ্ধি পাইছে নিপা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ৷ নিপা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে কেৰেলাৰ কোজিকোডৰ সকলো শিক্ষানুষ্ঠান অহা দেওবাৰ (২৪ ছেপ্টেম্বৰ)অৰ্থাৎ এসপ্তাহৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে ৷ শুকুৰবাৰে জিলা প্ৰশাসনে জাৰি কৰে এই নিৰ্দেশনাটো ৷

স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে উল্লেখ কৰা মতে, বৰ্তমান সময়ত সংক্ৰমিত লোকৰ সংখ্যা ১,০৮০ জন ৷ ইয়াৰে শুকুৰবাৰৰ দিনটোত ১৩০ জন লোক নতুনকৈ আক্ৰান্ত হৈছে । নিপা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ ভিতৰত ৩২৭ জন লোকেই স্বাস্থ্যকৰ্মী বুলি জানিব পৰা গৈছে । এই তথ্য সদৰী কৰিছে বীণা জৰ্জে ৷

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি, ৩০ আগষ্টত মৃত্যু হোৱা ব্যক্তিজনৰ স্বাস্থ্যপৰীক্ষা আৰু তেজৰ নমুনা পৰীক্ষা কৰাত পজিটিভ ৰিপ’ৰ্ট লাভ কৰা হৈছিল ৷ এই ৰিপ’ৰ্ট লাভ কৰাৰ পাচতে তেওঁৰ সংস্পৰ্শত অহা লোকৰ সন্ধানত নামি পৰে জিলা স্বাস্থ্য বিভাগ ৷ শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, নিপা ভাইৰাচত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ সংস্পৰ্ত অহা ব্যক্তিৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে উল্লেখ কৰা মতে, নিপা ভাইৰাচত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ সংস্পৰ্ষত অহা ৬ জন ব্যক্তিৰ শৰীৰত এই ভাইৰাচৰ উপস্থিতি ধৰা পৰিছে । ৩০ আগষ্টত মৃত্যু হোৱা লোকজনৰ সৎকাৰৰ সময়ত শ্মশানত উপস্থিত থকা ১৭ জন লোকক বৰ্তমান আইছ'লেশ্যনত ৰখা হৈছে । আনহাতে, চাৰিজন লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

উল্লেখ্য যে, নিপা ভাইৰাচত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসাৰ বাবে সকলো চিকিৎসালয়তে চিকিৎসা ব’ৰ্ড গঠন কৰা হৈছে ৷ লগতে চিকিৎসা ব’ৰ্ডৰ সদস্যসকলে দিনটোত দুবাৰকৈ বৈঠকত মিলিত হ’ব লাগে ৷ তাৰ পাচত দিনটোৰ প্ৰতিবেদন স্বাস্থ্য বিভাগক জমা দিব লাগে । ৰাজ্যকনত সংক্ৰমিত হোৱা এই ৰোগক নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰট’কলৰ আধাৰতে জিলা উপায়ুক্তই এই সন্দৰ্ভত উক্ত নিৰ্দেশনা জাৰি কৰিছে ।

লগতে পঢ়ক :Nipah virus : কেৰালাত পুনৰ নিপা ভাইৰাছত আক্ৰান্ত এজন

ABOUT THE AUTHOR

...view details