অসম

assam

ETV Bharat / bharat

বায়ু প্ৰদূষণে কাশ্মীৰ উপত্যকাৰ সৌন্দৰ্য বিনষ্ট কৰাৰ আশংকা - সৌন্দৰ্য বিনষ্ট কৰাৰ আশংকা

প্ৰাকৃতিক সৌন্দৰ্যৰ সমান্তৰালকৈ কাশ্মীৰ উপত্যকা পৰিষ্কাৰ আৰু সতেজ পৰিৱেশৰ বাবেও জনাজাত । ক্ৰমান্বয়ে কাশ্মীৰত চিমেণ্ট কাৰখানা, ইটা ভাট আদি স্থাপনৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়িছে । ফলত প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰৰ অনুকুল পৰিৱেশৰ প্ৰতি ভাবুকি আহিছে ।

বায়ু প্ৰদূষণে কাশ্মীৰ উপত্যকাৰ সৌন্দৰ্য বিনষ্ট কৰাৰ আশংকা
বায়ু প্ৰদূষণে কাশ্মীৰ উপত্যকাৰ সৌন্দৰ্য বিনষ্ট কৰাৰ আশংকা

By

Published : Mar 5, 2021, 3:59 PM IST

নেশ্যনেল ডেস্ক, ৫ মাাৰ্চ: ভূ-স্বৰ্গ ৰূপে খ্যাত কাশ্মীৰলৈ অশনি সংকেত আনিছে বায়ু প্ৰদূষণে । পৰিৱেশ সুৰক্ষা আইন ৰূপায়ণ নকৰাৰ বাবে আৰু বৰ্দ্ধিত বায়ু প্ৰদূষণৰ বাবে কাশ্মীৰৰ অনুকুল পৰিৱেশৰ বিনষ্ট হোৱাৰ আশংকা বৃদ্ধি পাইছে । বৰ্দ্ধিত প্ৰদূষণে পৰ্যটন ক্ষেত্ৰলৈও ভাবুকি আনিছে । কিয়নো, কাশ্মীৰৰ পৰ্যটন ক্ষেত্ৰৰ অধিকাংশই বৰফাবৃত পাহাৰ, জলাশয় আদি । বৰ্দ্ধিত চিমেণ্ট কাৰখানা, ইটা ভাটা আৰু যানবাহনৰ বাবে বায়ু প্ৰদূষণৰ মাত্ৰাও তুলনামূলকভাৱে বৃদ্ধি হৈছে ।

পৰিৱেশবিদ ড০ শ্বেখ গুলাম ৰছোলে ওপৰোক্ত কাৰকবোৰৰ উপৰিও আন কেইটামান দিশৰ প্ৰতি আঙুলিয়াই দিছে । চৰকাৰে দ্ৰুত গতিত উদ্যোগিককৰণ আৰু বিদ্যুৎ প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰাটোও পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰণ বুলি জানিবলৈ দিছে পৰিৱেশবিদগৰাকীয়ে । ড০ ৰছোলে ইটিভি ভাৰতক জনোৱা মতে, কাশ্মীৰৰ অনুকুল পৰিৱেশৰ প্ৰতি বিপদ অহাৰ আশংকা আছে ।

২০১৮ চনত শ্ৰীনগৰত পুণেস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অফ ট্ৰপিকেল মেটেৰ'লজী (আই.আই.টি.এম.) আৰু কাশ্মীৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এটা দলে যুটীয়াভাৱে গৱেষণা কৰিছিল আৰু তেওঁলোকৰ গৱেষণাত পোহৰলৈ আহিছিল যে, শীতকালত চহৰখনৰ বায়ুৰ মানৰ যথেষ্ট অৱনতি ঘটে । ২০১৩ চনৰ মে'ৰ পৰা এপ্ৰিল ২০১৪ৰ ভিতৰত কৰা আন এক অধ্যয়নৰ প্ৰতিবেদন শেহতীয়াকৈ মুকলি কৰা হৈছিল । এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে, শীতকালত ২.৫ পাৰ্টিকুলেট মেটাৰৰ স্তৰে প্ৰতি ঘন মিটাৰত ৩৪৮ মাইক্ৰ'গ্ৰাম স্পৰ্শ কৰে ।

মূলতঃ ঘৰত ব্যৱহাৰৰ উদ্দেশ্যেৰে জ্ৱলোৱা কয়লাৰ পৰা প্ৰতি বছৰে ১২৪৬.৪ টন নিৰ্গমন হয়, যি মুঠ বাৰ্ষিক নিৰ্গমনৰ ৮৪ শতাংশ । পৰিৱেশ বিশেষজ্ঞসকলৰ মতে, বৰ্দ্ধিত প্ৰদূষণৰ বাবে শ্ৰীনগৰ আৰু অন্যান্য পৰ্যটন কেন্দ্ৰবোৰে ইয়াৰ আকৰ্ষণৰ গুৰুত্ব হেৰুৱাব আৰু অক্সিজেনৰ স্তৰো অৱনতি ঘটিব ।

বায়ু প্ৰদূষণে আমাৰ বাবে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু এনে পৰিস্থিতি অব্যাহত থাকিলে আমি অক্সিজেনৰ বাবে হাহাকাৰ কৰিবলৈ বেছি সময় নালাগিব বুলি মন্তব্য কৰিছে অধ্যাপক চৈয়দ আণ্ট'ৱে । আনহাতে, অধিবক্তা নাদিম কাদ্ৰীয়ে অভিযোগ উত্থাপন কৰে যে, জম্মু আৰু কাশ্মীৰৰ বাবে কঠোৰ পৰিৱেশ সুৰক্ষা আইন আছে । কিন্তু চৰকাৰে নিজেই সেই আইন উলংঘন কৰে ।

লগতে পঢ়ক:জম্মু আৰু কাশ্মীৰত গ্ৰেনেড উদ্ধাৰ

ABOUT THE AUTHOR

...view details