অসম

assam

ETV Bharat / bharat

ৰাইজক জিঅ' নেটৱৰ্কৰ পৰিসেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ আহ্বান AIKSৰ - AIKS Tripura requests people to surrender Jio Sim cards to protest farm bills

বৃহস্পতিবাৰে জনসাধাৰণত জিঅ' নেটৱৰ্কৰ পৰিসেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ লগতে চাবস্ক্ৰিপশ্যনো পৰিহাৰ কৰিবলৈ অনুৰোধ জনায় সৰ্ব ভাৰত কৃষক সভাৰ ত্ৰিপুৰা সমিতিয়ে ৷ কৃষি আইনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অব্যাহত থকা কৃষকৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনোৱাৰ উদ্দেশ্যে এই আহ্বান কৃষক সংগঠনটোৰ ৷

ৰাইজক জিঅ' নেটৱৰ্কৰ পৰিসেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ আহ্বান AIKS
ৰাইজক জিঅ' নেটৱৰ্কৰ পৰিসেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ আহ্বান AIKS

By

Published : Dec 31, 2020, 5:28 PM IST

আগৰতলা, 31 ডিচেম্বৰ : নতুন কৃষি আইনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অব্যাহত থকা কৃষকৰ প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই সৰ্ব ভাৰত কৃষক সভাৰ ত্ৰিপুৰা সমিতিয়ে বৃহস্পতিবাৰে জনসাধাৰণত জিঅ' নেটৱৰ্কৰ পৰিসেৱাসমূহ প্ৰত্যাখ্যান কৰাৰ লগতে চাবস্ক্ৰিপশ্যনো পৰিহাৰ কৰিবলৈ অনুৰোধ জনায় ৷ কৃষক সকলৰ প্ৰতিবাদৰ প্ৰতি নৈতিক সমৰ্থন বৃদ্ধি কৰাৰ উদ্দেশ্যে এই আহ্বান জনায় কৃষক সংগঠনটোৱে ৷

সংবাদ মাধ্যমৰ আগত নিজৰ বক্তব্য ৰাখি সংগঠনটোৰ সম্পাদক পবিত্ৰ কৰে কয়, "কৃষক সংগঠনসমূহৰ পৰা এক প্ৰস্তাৱ গৃহীত কৰা হৈছে যে, আম্বানী আৰু আদানী মালিকাধীন চেছ কাউণ্টাৰসমূহ বন্ধ কৰা হ'ব ৷ আমাৰ ৰাজ্যত এনে ধৰণৰ কোনো কাউণ্টাৰ নাছিল কিন্তু ছেল ফোন সংযোগৰ বাবে ব্যাপক পৰিমাণে জিঅ' নেটৱৰ্কৰ ব্যৱহাৰকৰ্তা বৃদ্ধি পাইছে ৷ কৃষক সংগঠনটোৰ সদস্যসকলে ইতিমধ্যে তেওঁলোকৰ জিঅ' সংযোগ সমূহ বিচ্ছিন্ন কৰিছে ৷" বিগত বুধবাৰে সংগঠনটোৱে তেওঁলোকৰ ৰাজ্যিক সন্মিলনত এই প্ৰস্তাৱ লৈছে বুলি তেওঁ মন্তব্য কৰে ৷

অব্যাহত থকা কৃষকৰ প্ৰতিবাদৰ বিষয়ে তেওঁ কয়, এইটো হৈছে স্বাধীন ভাৰতৰ দীৰ্ঘতম আৰু বৃহত্তম আন্দোলন ৷ লগতে তেওঁ কয়, সমাজৰ ভিন্ন অংশৰ পৰা এই আন্দোলনৰ বাবে স্বতঃস্ফূৰ্ত সমৰ্থন পোৱা গৈছে ৷ শেহতীয়াকৈ পোৱা তথ্য অনুসৰি, প্ৰায় 4 লাখ কৃষকে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত একগোট গৈ হাড় কঁপোৱা জাৰকো প্ৰত্যাহ্বান জনাই আন্দোলন অব্যাহত ৰাখিছে ৷ এই আন্দোনলে স্থগিত নহয়, বিস্তাৰৰহে সম্ভেদ দিছে ৷

লগতে পঢ়ক:শৌৰ্য্য চক্ৰ বঁটা প্ৰাপকৰ হত্যাৰে জড়িত খালিস্তানী সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details