নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল :সমাগত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন (Karnataka Election 2023)। তাৰ পূৰ্বে ৰাজ্যিক বিজেপিত মোক্ষম আঘাত । প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ শ্বেট্টাৰৰ পদত্যাগৰ ঘোষণা । দলে জ্যেষ্ঠ নেতাগৰাকীক টিকট প্ৰদান কৰা নাছিল । যাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰে (Ex CM Jagadish Shettar from BJP)। ৬৭ বছৰীয়া জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰিলেও নিশ্চিতভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।
শ্বেট্টাৰে লগতে কয় যে তেওঁ বিধানসভাৰ পৰাও পদত্যাগ কৰিব । যেতিয়া ৰাজ্যখনত কংগ্ৰেছ শাসনত আছিল তেতিয়াই শ্বেট্টাৰ বিৰোধী দলৰ নেতা আছিল । তেওঁ কয় যে তেওঁ চিৰচীত থকা অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে (Jagadish Shettar announces resignation)। দলীয় অসন্তুষ্টিৰ কথা প্ৰকাশ কৰি শ্বেট্টাৰে কয় যে বিজেপি দলটোক তৃণমূলৰ পৰা এক শক্তিশালী স্থিতিলৈ তেওঁ আনিছে কিন্তু একাংশ দলীয় নেতাই তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে ।
বিজেপিলৈ তেওঁৰ অৱদান আৰু বিধানসভাৰ অধ্যক্ষকে ধৰি গুৰুত্বপূৰ্ণ পদসমূহৰ কথা স্মৰণ কৰি শ্বেট্টাৰে কয় যে দলৰ নেতাসকলে এতিয়ালৈকে জগদীশ শ্বেট্টাৰক বুজি পোৱা নাই, যিধৰণে তেওঁলোকে তেওঁক অপমানিত কৰিছে । দলীয় একাংশ নেতাই তেওঁক যিধৰণে উপেক্ষা কৰিছে তাক লৈ তেওঁ বিচলিত হৈছে । সেয়ে শান্ত হৈ বহি নাথাকি সেই নেতাসকলক প্ৰত্যাহ্বান জনোৱাৰ কথা উল্লেখ কৰে নেতাগৰাকীয়ে । যাৰ বাবে তেওঁ এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও সিদ্ধান্ত লৈছে ।