নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: সুদীৰ্ঘ ১৩২ বছৰ ধৰি সেৱা আগবঢ়োৱাৰ পিছত বুধবাৰে ভাৰতীয় সেনাই সামৰিক ফাৰ্মসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰে । আম্বলা, কলকাতা, শ্ৰীনগৰ, আগ্ৰা, পাঠানকোট, লক্ষ্ণৌ, মিৰাট, এলাহাবাদ আৰু গুৱাহাটীৰ দৰে চহৰত ২০,০০০ একৰৰো অধিক প্ৰতিৰক্ষা ভূমিত এই ফাৰ্মসমূহ স্থাপন কৰা হৈছিল । লেফটেনেণ্ট জেনেৰেল শশাংক মিশ্ৰই কয় যে, প্ৰায় ১৩২ বছৰে সেৱা আগবঢ়োৱাৰ পিছত, সামৰিক ফাৰ্মসমূহৰ সেৱা সমাপ্ত কৰা হৈছে ।
১৮৮৯ চনৰ ১ ফেব্ৰুৱাৰীত এলাহাবাদত প্ৰথম সামৰিক ফাৰ্ম স্থাপন কৰা হৈছিল । ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰালৈকে ভাৰতত ১৩০ খন ফাৰ্ম আছিল । লেফটেনেণ্ট জেনেৰেল শশাংক মিশ্ৰই প্ৰকাশ কৰা মতে, সেই সময়ত এই ফাৰ্ম সেনাৰ বাবে অত্যন্ত লাভজনক আছিল, কিয়নো তেতিয়া হোৱাইট ৰিভ'ল্যুছন আৰম্ভ হোৱা নাছিল । ভাৰ্গিছ কুৰেইনৰ নেতৃত্বত ১৯৭০ চনত এই বিপ্লৱ আৰম্ভ হয় ।