নিউজ ডেস্ক, ১২ জুন : এয়াৰক্ৰাফ্ট ব্যৱসায়ী সংস্থা উইলমিংটনে সোমবাৰে স্পাইচজেটৰ বিৰুদ্ধে দেউলীয়া গোচৰ আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণৰ (এনচিএলটি) কাষ চাপে । এই গোচৰৰ পৰৱৰ্তী শুনানি ১৬ জুনত নিৰ্ধাৰণ কৰা হৈছে । স্পাইচজেটক বিমান লীজত দিয়া ডাবলিনস্থিত কোম্পানী উইলমিংটন ট্ৰাষ্ট এছ পি ছাৰ্ভিচেছ লিমিটেডে এনচিএলটিত এখন আবেদন দাখিল কৰিছে আৰু স্পাইচজেটৰ বিৰুদ্ধে দেউলীয়া প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আহ্বান জনাইছে ।
এইখিনিতে মন কৰিবলগীয়া যে যোৱা মে' মাহত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (Directorate General of Civil Aviation) উইলমিংটনৰ অনুৰোধত কম খৰচী কেৰিয়াৰৰ তিনিখন বিমান পঞ্জীয়নমুক্ত কৰে । উইলমিংটন ট্ৰাষ্টৰ উপৰি সাবৰমতী এভিয়েচন লিজিং আৰু ফাল্গু এভিয়েচন লিজিঙে তেওঁলোকৰ বিমানৰ পঞ্জীয়ন বাতিল কৰিবলৈ বিচাৰিছে ।
উল্লেখ্য, স্পাইচজেটৰ বহৰত ৬৭ খন বিমান আছিল । ইয়াৰে ভিতৰত আছিল ব'য়িং ৭৩৭, বি৭৩৭ মেক্স আৰু বোম্বাৰ্ডিয়াৰ-কিউ৪০০ । সংস্থাটোৰ মতে, মে' মাহৰ আৰম্ভণিলৈকে ইয়াৰ ভিতৰত মাত্ৰ ৩৭ খনহে কাৰ্যক্ষম হৈ আছিল । উল্লেখনীয় যে গ' ফাৰ্ষ্ট সংকটৰ পটভূমিৰ পৰাই এই স্পাইচজেট বিমানৰ এই অৱস্থা আৰম্ভ হয় । কিয়নো তেওঁলোকে বিমান ভাৰা শেহতীয়াভাৱে অতি উচ্চ কৰিছিল । আনহাতে, স্পাইচজেটৰ বিৰুদ্ধে যদি এই আবেদনত অনুমোদন জনোৱা হয় তেন্তে দেশত কম ব্যয়ৰ ভাৰাতীয়া এয়াৰলাইনছৰ ভৱিষ্যতৰ সম্ভাৱনাৰ ওপৰত বহু প্ৰশ্ন উত্থাপন হ'ব ।