নেশ্যনেল ডেস্ক,১৯ ছেপ্টেম্বৰ :নতুন সংসদ ভৱনৰ প্ৰথম দিনটোতে কেন্দ্ৰই লোকসভাত উত্থাপন কৰে নাৰী সংৰক্ষণ বিধেয়ক । এই বিধেয়কক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দলে এই বিধেয়কখন সমৰ্থন কৰিছে যদিও আম আদমি পাৰ্টীয়ে এই বিধেয়কখনক লৈ আপত্তি দৰ্শাইছে । ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই কয় যে, চৰকাৰে নাৰী সংৰক্ষণ আনিব, কিন্তু তাৰিখ নকয় । সংসদত উত্থাপন কৰা বিধেয়কখনত উল্লেখ কৰা চৰ্তসমূহৰ দ্বাৰা এটা কথা স্পষ্ট যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত কোনো মহিলা সংৰক্ষণৰ কথা নাহে ।
আপে দাবী কৰিছে যে নাৰী সংৰক্ষণ কোনো পলম নকৰাকৈ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিব লাগে । সাংসদ ৰাঘৱ চাড্ডাই কয় যে নাৰী সংৰক্ষণ বিধেয়কৰ ধাৰা ৫ অনুসৰি, সীমা নিৰ্ধাৰণ আৰু নতুন লোকপিয়লৰ পাছতহে সংৰক্ষণৰ পদক্ষেপ লোৱা হ'ব । ইয়াৰ অৰ্থ হৈছে যে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে মহিলাৰ কোনো সংৰক্ষণ নাথাকিব । দেশ আৰু মহিলাসকলে নাৰী সংৰক্ষণৰ বাবে নতুনকৈ লোকপিয়ল আৰু সীমা নিৰ্ধাৰণৰ বাবে অপেক্ষা কৰিব লাগিব ।
আম আদমি পাৰ্টীয়ে এই বিধেয়কক "মহিলাক মূৰ্খ বনোৱা বিধেয়ক" বুলি অভিহিত কৰে । ইফালে দলটোৱে বিধেয়কখনত কৰা সীমাবদ্ধতা আৰু লোকপিয়ল অনুষ্ঠিত কৰাৰ পাছত আসন সংৰক্ষণৰ ব্যৱস্থাৰ বিৰোধিতা কৰে । ২০২৪ চনৰ নিৰ্বাচনৰ ঠিক পূৰ্বে সংৰক্ষণৰ দাবী জনাই আপে বিধেয়কখনত সংশোধনৰ দাবী জনায় ।