অসম

assam

ETV Bharat / bharat

ই ডিৰ চমন এৰাই চলাৰ বাবে বিপদত পৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল ! - amid summons row

ED "likely to arrest" Delhi CM Kejriwal : গ্ৰেপ্তাৰ হ’ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ! ই ডিৰ চমনক অবৈধ আখ্যা দিয়াৰ পাচতে আজি মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিব পাৰে বুলি সন্দেহ কৰি সামাজিক মাধ্যমত পোষ্ট দিল্লীৰ দুই মন্ত্ৰীৰ ৷ ইফালে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷

Delhi CM Arvind Kejriwal
ই ডিৰ চমন এৰাই চলাৰ বাবে বিপদত পৰিব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল

By ANI

Published : Jan 4, 2024, 8:06 AM IST

Updated : Jan 4, 2024, 11:51 AM IST

নিউজ ডেস্ক, 4 জানুৱাৰী : সুৰা কেলেংকাৰীৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ তৃতীয়খন চমন প্ৰেৰণ কৰিছিল ৷ কিন্তু ই ডিয়ে প্ৰেৰণ কৰা চমনক অবৈধ বুলি আখ্যা দিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ই ডিৰ চমনৰ পাচতে গ্ৰেপ্তাৰ হ’ব নেকি মুখ্যমন্ত্ৰী কেজৰিৱাল তাক লৈ চলিছে সৰৱ চৰ্চা ৷ তাৰ মাজতে দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰী আতিশী আৰু সৌৰভ ভৰদ্বাজে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ প্ৰায় 7 ঘন্টাৰ পূৰ্বে সামাজিক মাধ্যম X ত আতিশীয়ে কয়, ‘‘খবৰ পোৱা অনুসৰি বৃহস্পতিবাৰে পুৱাই ই ডিয়ে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহত তালাচী চলাব ৷ সম্ভৱত গ্ৰেপ্তাৰৰ বাবে যাব ৷’’

আনহাতে মন্ত্ৰী সৌৰভ ভৰদ্বাজেXত কয়, ‘‘ শুনা পাইছো কালিলৈ পুৱা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ই ডিয়ে গ্ৰেপ্তাৰ কৰিব বুলি জল্পনা-কল্পনা কৰিছে ৷’’ ইফালে দুই মন্ত্ৰীয়ে সামাজিক মাধ্যমত কৰা পোষ্টৰ পাছতে, বৃহস্পতিবাৰে পুৱা দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহৰ বাহিৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ কাৰণ আপৰ মন্ত্ৰীসকলে কাৰো নাম উল্লেখ নকৰাকৈ দাবী কৰিছিল যে, প্ৰৱৰ্তন সঞ্চালকালয়ে আজি আপৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, দিল্লী সুৰা কেলেংকাৰীৰ অভিযোগৰ সন্দৰ্ভত ই ডিয়ে বিগত বৰ্ষৰ 22 ডিচেম্বৰত মুখ্যমন্ত্ৰী কেজৰিৱালক তৃতীয়খন চমন জাৰি কৰিছিল ৷ চমনখনত 3 জানুৱাৰীত সংস্থাটোৰ সন্মুখত কেজৰিৱালক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছিল ।

এই ক্ষেত্ৰত আপৰ দলীয় নেতাই কয় যে, কেজৰিৱালে ই ডিক দিয়া উত্তৰত তদন্তত সহযোগিতা কৰিবলৈ তৎপৰতা প্ৰকাশ কৰিছিল ৷ কিন্তু জাননীখন অবৈধ বুলি অভিহিত কৰি ই ডিৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ অস্বীকাৰ কৰিছিল । লগতে 2024 চনৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালক নিৰ্বাচনী প্ৰচাৰত বাধা দিয়াৰ পদক্ষেপ হিচাপে এই চমন জাৰি কৰিছে বুলি অভিযোগ কৰিছে আপে ৷ তেওঁলোকে অভিযোগ কৰে যে, উক্ত চমন ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত ৷

লগতে পঢ়ক :তৃতীয়খন চমনতো ইডিৰ কাৰ্যালয়ত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Last Updated : Jan 4, 2024, 11:51 AM IST

ABOUT THE AUTHOR

...view details