মেষ ৰাশিৰ পৰা মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি Propose Dayত প্ৰেমৰ ৰাশিফলনো কেনেকুৱা, প্ৰেমিক যুগলৰ বাবে আজিৰ দিনটোনো কেনে যাব তথা আপোনাৰ প্ৰেম-জীৱনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কথাবোৰ জানি লওক -
মেষ ৰাশি:
চন্দ্ৰ আজি সিংহ ৰাশিত থাকিব । আজি সন্ধিয়া বন্ধু-বান্ধৱ, প্ৰেমৰ সংগী আৰু আত্মীয়ৰ লগত ভালদৰে কটাব পাৰি(Propose Day Love Astrology)। প্ৰ'পজ ডে’ত আপোনাৰ প্ৰেয়সীৰ সৈতে কাজিয়া নকৰিব । পত্নীৰ সৈতে সম্পৰ্ক ভাল হৈ থাকিব । চিন্তাৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে প্ৰেম-জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত কিছু অসুবিধা হ'ব ।
বৃষ ৰাশি:
আজি চন্দ্ৰ সিংহ ৰাশিত থাকিব । জেদী আৰু খৰখেদাতাই আপোনাৰ ক্ষতি কৰিব পাৰে । বহু চিন্তাই প্ৰ'পজ ডে’ত প্ৰেমিক যুগলক অশান্তি দিব । যদিও দুপৰীয়াৰ পিছৰ সময় আপোনাৰ বাবে ভাল, কিন্তু আজি গোটেই দিনটোৰ বাবে কোনো ধৰণৰ নতুন কামত হাত নিদিব ।
মিথুন ৰাশি:
চন্দ্ৰ আজি সিংহ ৰাশিত থাকিব । বন্ধু-বান্ধৱী আৰু প্ৰেমৰ সংগীৰ পৰা উপহাৰ পালে আপুনি সুখী হ'ব । আজি প্ৰপ’জ ডে’ত প্ৰেম-চৰাই দুপৰীয়া বা ৰাতিৰ আহাৰ গ্ৰহণৰ ডেটলৈ যোৱাৰ সম্ভাৱনা আছে । ধুনীয়া কাপোৰ আৰু গহনা পিন্ধিব । আজি মনৰ পৰা নেতিবাচক চিন্তাবোৰ আঁতৰাই পেলাওক, নহ’লে ক্ষতি হ’ব পাৰে ।
কৰ্কট ৰাশি:
চন্দ্ৰ আজি সিংহ ৰাশিত থাকিব । বিভ্ৰান্তিৰ বাবে প্ৰেম-জীৱন বিচলিত হৈ থাকিব । আজি বন্ধু-বান্ধৱ, আত্মীয় আৰু প্ৰেমৰ সংগীৰ লগত পাৰ্থক্য থাকিব পাৰে । প্ৰপজ ডে’ত কাজিয়াৰ পৰা আঁতৰি থাকক, অন্যথা সমস্যাৰ সন্মুখীন হ’ব পাৰে । চিন্তা নকৰাকৈ কামবোৰ কৰিলে ক্ষতি হ’ব ।
সিংহ ৰাশি:
চন্দ্ৰ আজি সিংহ ৰাশিত থাকিব । আজি প্ৰপজ ডে’ সম্পৰ্কৰ বাবে উপকাৰী । বন্ধু-বান্ধৱী আৰু প্ৰেমৰ সংগীৰ পৰা লাভৰ সম্ভাৱনা আছে । প্ৰেমিক যুগলে ধুনীয়া স্থানলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে । পত্নীৰ সৈতে পুৰণি মতানৈক্য সমাধান হ'ব ।
কন্যা ৰাশি:
চন্দ্ৰ আজি সিংহ ৰাশিত থাকিব । নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ যি পৰিকল্পনা কৰিছে, সেইবোৰ প্ৰপজ ডে’ৰ দিনটোত সহজে পূৰণ কৰিব পাৰিব । সন্মান বাঢ়িব । পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব । বহিঃৰাজ্যত থকা বন্ধু-বান্ধৱী আৰু প্ৰেমৰ সংগীৰ খবৰ পাব পাৰিব ।