তেজপুৰ, 7 জুন: মণিপুৰলৈ বৰ্তমানেও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা ৷ ৰাজ্যখনলৈ পুনৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে কোনো উগ্ৰপন্থী গোটে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰক্ষীয়েও চলাই আছে অভিযান ৷
বুধবাৰেও নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত চলায় অভিযান ৷ সংঘাতৰ সময়ত নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি নিয়া অস্ত্ৰসমূহ উদ্ধাৰৰ বাবেও অব্যাহত ৰখা হৈছে প্ৰচেষ্টা ৷ বুধবাৰে অভিযান কালত বুধবাৰে নিৰাপত্তাৰক্ষীৰ দলে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ ভিতৰত 29 টা বন্দুকৰ (অধিকাংশ স্বয়ংক্ৰিয়) লগতে মৰ্টাৰ, হেণ্ড গ্ৰেণেড, পিষ্টল, সক্ৰিয় গুলী, ৱাকি টকি আদি উদ্ধাৰ কৰা হয় (Arms cacherecovered in Manipur) ৷
বিগত 24 ঘণ্টাৰ ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত মুঠ 57 টা বন্দুক উদ্ধাৰ কৰাৰ লগতে 318 টা সক্ৰিয় গুলী আৰু পাঁচটা বোমা উদ্ধাৰ কৰা হয় ৷ আনহাতে বৰ্তমানলৈকে 868 টা অস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে 11,518 টা সক্ৰিয় গুলী উদ্ধাৰ কৰা হৈছে ৷ বুধবাৰে মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদিপ সিংঙে সদৰী কৰে এই তথ্য (Manipur violence update) ৷