নেশ্যনেল ডেস্ক,৫ ফেব্ৰুৱাৰী :ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ বিৰুদ্ধে পত্নীৰ গুৰুতৰ অভিযোগ । পত্নীক শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে । মুম্বাইৰ বান্দ্ৰা আৰক্ষী থানাত স্বামী তথা প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পত্নীয়ে (FIR against former cricketer Vinod Kambli)।
পত্নী এণ্ড্ৰিয়াই অভিযোগ কৰা মতে স্বামী বিনোদ কাম্বলিয়ে তেওঁক ৰন্ধন সামগ্ৰীৰে প্ৰহাৰ কৰিছে । যাৰ ফলত তেওঁ মূৰত আঘাত পাইছে । এণ্ড্ৰিয়াই লগতে অভিযোগ কৰিছে যে কাম্বলিয়ে সুৰাৰ ৰাগীত বিভিন্ন ধৰণৰ গালি-গালাজ কৰাৰ উপৰিও প্ৰহাৰ কৰিছে (Case registered against Vinod kambli in Mumbai)। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে বিনোদ কাম্বলিক গ্ৰেপ্তাৰ কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে ।
আৰক্ষীয়ে জনোৱা মতে পত্নীক আক্ৰমণ কৰাৰ অভিযোগত বিনোদ কাম্বলিৰ বিৰুদ্ধে ইতিমধ্যে এটা গোচৰ ৰুজু কৰা হৈছে । কাম্বলিৰ পত্নী এণ্ড্ৰিয়া হেউইটে এজাহাৰত উল্লেখ কৰা মতে শুকুৰবাৰে পশ্চিম বান্দ্ৰাৰ ফ্লেটত সুৰাৰ ৰাগীত বিনোদ কাম্বলিয়ে পত্নীক দুৰ্ব্যৱহাৰ কৰিছিল (Vinod Kambli attacked his wife)। ইফালে আৰক্ষীয়ে জনোৱা মতে কাম্বলিৰ বিৰুদ্ধে ধাৰা ৩২৪ আৰু ৫০৪ ৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ।