নেশ্যনেল ডেস্ক, 23 অক্টোবৰ :মকবুল শ্বেৰৱানী, এজন এনেকুৱা ব্যক্তি যিয়ে ভাৰতীয় সেনাক কাশ্মীৰ দখল কৰাৰ সুবিধা দিয়াৰ ক্ষেত্ৰত অতি কৌশলেৰে পাকিস্তানী আক্ৰমণকাৰীসকলক তেওঁলোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিছিল ৷ শ্বেৰৱানীয়ে ১৯৪৭ চনত কাশ্মীৰলৈ যোৱা পাকিস্তানৰ জনজাতীয় আক্ৰমণকাৰীসকলক বাৰামূলাৰ ওচৰত দেখুৱাইছিল ভুলকৈ পথ ৷ যাৰ ফলত ভাৰতীয় সেনাই শ্ৰীনগৰ বিমানবন্দৰ দখল কৰাৰ সুযোগ লাভ কৰিছিল ।
১৯৪৭ চনৰ ২২ অক্টোবৰত পাকিস্তানৰ এই জনজাতীয় আক্ৰমণকাৰীসকলে সীমান্ত অতিক্ৰম কৰি কাশ্মীৰ আক্ৰমণ কৰিছিল । ইয়াৰ অলপ পিছতে কাশ্মীৰৰ মহাৰাজা হৰি সিঙে শ্ৰীনগৰৰ পৰা পলায়ন কৰি ভাৰতীয় সামৰিক সহায় বিচাৰি জম্মুত উপস্থিত হয় । ২৬ অক্টোবৰত মহাৰাজাই ভাৰতৰ সৈতে অধিগ্ৰহণৰ চুক্তি স্বাক্ষৰ কৰে ৷ ইয়াৰ পিছতে ভাৰতীয় সেনাই পাকিস্তানী আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে আৰু দীঘলীয়া যুদ্ধৰ পিছত এই আক্ৰমণকাৰীসকল পৰাজিত হৈছিল ৷
১৯৪৭ চনত সংঘটিত এই বিক্ষিপ্ত ঘটনা সমূহৰ ক্ষেত্ৰত মকবুল শ্বেৰৱানীক এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে গণ্য কৰা হয় । ভাৰতীয় সেনাই তেওঁৰ নামত ইতিমধ্যে এটা স্মাৰকো নিৰ্মাণ কৰিছে ৷ অৱশ্যে ২২ বছৰীয়া শ্বেৰৱানীক সেই সময়তে পাকিস্তানৰ এই জনজাতীয় আক্ৰমণকাৰীসকলে হত্যা কৰিছিল ।