সাংসদ প্ৰজ্ঞা ঠাকুৰক এইমছত ভৰ্তি
ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ সাধ্বী প্ৰজ্ঞাৰ স্বাস্থ্যৰ অৱনতি ঘটাত শুকুৰবাৰে দিল্লীলৈ প্ৰেৰণ কৰা হয় ৷ সাংসদগৰাকীৰ ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহে যদিও শ্বাস-প্ৰশ্বাসত পোৱা কষ্টৰ বাবে ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ যাৰ বাবে সাংসদগৰাকীয়ে শনিবাৰে মুম্বাইৰ নিয়াৰ বিশেষ আদালতত উপস্থিত হ’ব নোৱাৰিলে ৷
নলবাৰীত ৭৩ কোটি টকাৰ চেক বিলালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মহিলাৰ এখন বিশাল সভা অনুষ্ঠিত হয় ৷ সভাত অসম ৰাজ্যিক গ্ৰামীণ অভিযানৰ উদ্যোগত আত্মসহায়ক গোটৰ মাজত বেংকৰ ঋণ প্ৰদান কৰা হয় ৷
আজাৰাত অগপৰ বিশাল জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত
অসম গণ পৰিষদ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত দেওবাৰে আজাৰাত জাতীয় ঐক্য সমাৰোহৰ আয়োজন ৷ এই ঐক্য সমৰোহত উপস্থিত থাকে অগপৰ সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত,সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰামেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে কল্পনা পাটোৱাৰী ।
সেনাই উদ্ধাৰ কৰিলে বৰফত পোত যোৱা বাহন
জম্মু-কাশ্মীৰৰ বন্দীপোৰা এলেকাত দুখনকৈ বাহন বৰফত পোত যোৱাৰ পিছত বাহন দুখন উদ্ধাৰৰ বাবে উপস্থিত হৈছে সেনাৰ জোৱান ৷ সেনা জোৱানসকলে যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰে ৷ বন্দীপোৰাৰ পৰা গুৰেজ অভিমুখে যাত্ৰা কৰিছিল বাহন দুখনে ৷ বছৰৰ প্ৰথমটো তুষাৰপাতৰ পিছতে কাশ্মীৰক এখনি শুভ্ৰ চাদৰেৰে ঢাকি থোৱাৰ দৰে দেখা গৈছে ৷ ইয়াকে কেন্দ্ৰ কৰি স্থানীয় লোকৰ লগতে পৰ্যটকৰ মাজত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে ৷
চাৰি কুৰিৰো অধিক ৰাজপথৰ কুকুৰক খাদ্য় বিতৰণ কৰা এগৰাকী মহিলা
ৰাজপথৰ কুকুৰবোৰক যত্ন লোৱা এগৰাকী মহিলা ৷ বিগত 5-6 বছৰৰ ধৰি পুৱা গধূলি পথৰ কুকুৰবোৰক খাদ্য় বিতৰণ কৰাৰ লগতে বেমাৰ আজাৰ হলে যত্নও লৈ আহিছে ৷ বৰ্তমান মানুহে এটা কুকুৰ কিনিবলৈ লাখ টকা পৰ্যন্ত খৰচ কৰাৰ বিপৰীতে এই গৰাকী মহিলাই পথৰ কাষৰ কুকুৰবোৰক যত্ন কৰি আহিছে ৷