অসম

assam

ETV Bharat / bharat

Manipur Violence : মণিপুৰ জ্বলাৰ ৫০ দিন পিছতো কৰ্তব্য সম্পাদনত বিফল প্ৰধানমন্ত্ৰী; কংগ্ৰেছৰ অভিযোগ - manipur opposition parties memorandum to PMO

জাতিগত সংঘৰ্ষই জোকাৰি যোৱা মণিপুৰৰ ১০ টা বিৰোধী দলৰ নেতাসকলে দিল্লীত শিবিৰ পাতি আছে । তেওঁলোকে ১০ জুনৰ পৰা প্ৰধানমন্ত্ৰীৰ পৰা সাক্ষাতৰ অনুমতি বিচাৰি আছে । কিন্তু এতিয়ালৈকে তেওঁক লগ কৰাত ব্যৰ্থ হৈছে । অৱশেষত তেওঁলোকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে ।

Manipur Violence
Manipur Violence

By

Published : Jun 21, 2023, 5:40 PM IST

নিউজ ডেস্ক, ২১ জুন : মণিপুৰত হিংসাৰ জুই জ্বলি থকাৰ ৫০ দিন হ'ল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সংকটৰ সময়ত ইচ্ছাকৃতভাৱে হিংসাপীড়িত ৰাজ্যখনক উপেক্ষা কৰিছে । তেওঁৰ কৰ্তব্য সম্পাদনত সম্পূৰ্ণৰূপে বিফল হৈছে । বুধবাৰে এই অভিযোগ কৰে কংগ্ৰেছে । আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বিজেপি নেতৃত্বাধীন চৰকাৰক মণিপুৰত একেবাৰে নীৰৱ আৰু নূন্যতম শাসন ব্যৱস্থা দিয়া চৰকাৰ বুলি অভিযোগ কৰে ।

"প্ৰধানমন্ত্ৰীৰ আমেৰিকা ভ্ৰমণৰ সকলো বাতৰিৰ মাজতে আমি নিজকে সোঁৱৰাই দিওঁ যে আজি মণিপুৰৰ বেদনা, দুখ আৰু যন্ত্ৰণাৰ একেৰাহে ৫০ নম্বৰ দিন । কিন্তু দুখৰ বিষয় যে ইমানবোৰ বিষয়ত 'জ্ঞান' দিয়া প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনক আৱৰি ধৰা দুৰ্ঘটনা সন্দৰ্ভত একো এটা কোৱা নাই । তেওঁৰ পৰা সময় বিচৰা ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক সাক্ষাতৰ অনুমতি দিয়া নাই । আনকি তেওঁ মণিপুৰক লৈ চিন্তা কৰে বা এই ঘটনাত চিন্তিত বুলিও কোনো ইংগিত দিয়া নাই ।" ৰমেশে টুইটাৰত লিখিছে ।

"তেওঁ সংকটৰ সময়ত মণিপুৰক ইচ্ছাকৃতভাৱে উপেক্ষা কৰিছে । ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কৰ্তব্য সম্পাদনত সম্পূৰ্ণৰূপে বিফল হৈছে । মণিপুৰৰ প্ৰতি তেওঁ প্ৰদৰ্শন কৰা আচৰণ আটাইতকৈ আচৰিত আৰু সেয়া বোধগম্যতাৰ বাহিৰত ।" তেওঁ লগতে কয় । আনহাতে, মণিপুৰ কংগ্ৰেছৰ মুখপাত্ৰ নিঙ্গোমবাম বুপেন্দা মেইটেয়েও প্ৰশ্ন কৰে, "মণিপুৰত চলি থকা অস্থিৰতা কিমান দিন চলিব ? মাহ, বছৰ নে দশকৰ বাবে ?"

মণিপুৰৰ জনসাধাৰণে এই বিষয়ে প্ৰধানমন্ত্ৰীৰ পৰা শুনাৰ অধিকাৰ আছে । প্ৰধানমন্ত্ৰীয়ে ৫০ দিন ধৰি নীৰৱতা অৱলম্বন কৰাৰ পৰিৱৰ্তে জনসাধাৰণক উত্তৰ দিবলৈ তেওঁ সাংবিধানিকভাৱে দায়বদ্ধ । তেওঁ লগতে কয় । "মণিপুৰক প্ৰায় ২ মাহ ধৰি একেৰাহে অন্ধকাৰ গহ্বৰত আবদ্ধ কৰি ৰখা হৈছে । কিয়নো ৰাজ্যখনৰ বিজেপি চৰকাৰে ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা বাৰে বাৰে বৃদ্ধি কৰিছে । মণিপুৰৰ লোকসকল ইণ্টাৰনেট নিষেধাজ্ঞাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছে । কিয়নো ইতিমধ্যে বহু পেছাদাৰীয়ে ইণ্টাৰনেটৰ বাবে ৰাজ্যখন ত্যাগ কৰিছে ।" মেইটেয়ে এক টুইটযোগে কয় ।

উল্লেখ্য, জাতিগত সংঘৰ্ষই জোকাৰি যোৱা মণিপুৰৰ ১০ টা বিৰোধী দলৰ নেতাই বৰ্তমানো দিল্লীত শিবিৰ পাতি আছে । তেওঁলোকে ১০ জুনৰ পৰা প্ৰধানমন্ত্ৰীৰ পৰা সাক্ষাতৰ অনুমতি বিচাৰি আছে । কিন্তু এতিয়ালৈকে প্ৰধানমন্ত্ৰীক লগ কৰাত ব্যৰ্থ হৈছে । যাৰ বাবে উপায়ন্তৰ হৈ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ক এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছে । এই সন্দৰ্ভত কংগ্ৰেছ নেতা শশী থাৰুৰে কয়, "মণিপুৰত ভয়ংকৰ হিংসা, ধ্বংস আৰু পলায়নৰ ঘটনাই বৰ্তমান ৫০ দিন অতিক্ৰম কৰিছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ নীৰৱতা আৰু নিষ্ক্ৰিয়তাক বুজি পোৱা নাই ।"

লগতে পঢ়ক :Manipur Violence : সাক্ষাৎ নকৰাকৈয়ে আমেৰিকালৈ ৰাওনা প্ৰধানমন্ত্ৰী; হতাশ মণিপুৰৰ বিৰোধী নেতৃবৰ্গ

ABOUT THE AUTHOR

...view details