নেশ্যনেল ডেস্ক, ২১ জানুৱাৰী: পঞ্জাৱত অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ ৰমৰমীয়া বেহা । বুধবাৰে পঞ্জাৱ আৰক্ষীৰ অভিযানত জব্দ হ'ল বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্যসহ অস্ত্ৰ-শস্ত্ৰ । অমৃতসৰৰ ঘৰীন্দা অঞ্চলত অভিযান চলাই আৰক্ষীয়ে ৫.২ কেজি হিৰ'ইন, এ কে-৪৭ ৰাইফল আৰু বহু মূল্যৱান সামগ্ৰী জব্দ কৰে । অমৃতসৰ(গ্ৰাম্য)ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ দহিয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, আৰক্ষীয়ে মেগজিনসহ এটা এ কে-৪৭ ৰাইফল, ৭জাঁই গুলী, মেগজিনসহ এটা পিষ্টল আৰু ৫.২ কেজি হিৰ'ইন জব্দ কৰিছে ।
পঞ্জাৱৰ অমৃতসৰত ৫.২ কেজি হিৰ'ইন আৰু এ কে-৪৭ ৰাইফল জব্দ - পঞ্জাৱৰ অমৃতসৰ
অমৃতসৰৰ ঘৰীন্দা অঞ্চলত জব্দ ৫.২ কেজি হিৰ'ইন,এ কে-৪৭ ৰাইফল আৰু বহু মূল্যৱান সামগ্ৰী । পঞ্জাৱ আৰক্ষীৰ অভিযানত জব্দ হয় নিচাযুক্ত দ্ৰব্য আৰু অস্ত্ৰ-শস্ত্ৰখিনি ।
পঞ্জাৱৰ অমৃতসৰত ৫.২ কেজি হিৰ'ইন আৰু এ কে-৪৭ ৰাইফল জব্দ
লগতে বহু মূল্যৱান সামগ্ৰীও আৰক্ষীয়ে জব্দ কৰে । এই সন্দৰ্ভত নাৰ্ক'টিক্স ড্ৰাগ এণ্ড ছাইক'ট্ৰ'পিক ছাবটেন্স আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হয় । সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।