নেশ্যনেল ডেস্ক, 29 জুলাই :ৰাজধানী দিল্লীৰ হাউজ খাছত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে (Delhi Police) বৃহস্পতিবাৰে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । ৰাজধানী চহৰখনৰ হাউজ খাছ অঞ্চলত কিছুদিন পূৰ্বে উত্তৰ-পূৱৰ কেইগৰাকীমান যুৱতী নিৰ্যাতনৰ বলি হৈছিল ৷ এই ঘটনাৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ৷ ভিডিঅ'টোত কেইজনমান উদণ্ড যুৱকে যুৱতীকেইগৰাকীক অশালীন ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷
যুৱককেইজনে যুৱতী দুগৰাকীক তেওঁলোকৰ দাম সোধাৰ পাচতে যুৱতী কেইগৰাকী খঙত একো নাই হৈ পৰে ৷ যুৱতী দুগৰাকীয়ে এই ঘটনাৰ ভিডিঅ' ৰেকৰ্ড কৰাৰ পাচত যুৱককেইজনে ক্ষমা বিচৰা দেখা যায় ৷ ভিডিঅ'টো ছ’চিয়েল মিডিয়া (Social Media)ত ভাইৰেল হৈ পৰাৰ পিছত দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে স্বতঃপ্ৰণোদিতভাৱে বিবেচনা কৰে আৰু বিষয় সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ।
লগতে পঢ়ক :বৰ্ণবৈষম্য: দিল্লীৰ উদণ্ড যুৱকক কাণত ধৰিবলৈ বাধ্য কৰালে উত্তৰ-পূৱৰ যুৱতীয়ে