অসম

assam

ETV Bharat / bharat

কানপুৰত জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬৬ গৰাকীলৈ বৃদ্ধি - জিকা ভাইৰাছ

যোৱা ২৩ অক্টোবৰত কানপুৰত জিকা ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল । বৃহস্পতিবাৰে পুনৰ ৩০ গৰাকী লোক সংক্ৰমিত হৈছে জিকা ভাইৰাছত । মুঠ আক্ৰান্ত ৬৬ গৰাকীৰ ভিতৰত ৪৫ জনে পুৰুষ ।

Kanpur
কানপুৰত জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৬৬ গৰাকীলৈ বৃদ্ধি

By

Published : Nov 5, 2021, 11:03 AM IST

নেশ্যনেল ডেস্ক, ৫ নৱেম্বৰ :দেশত কৰ'ণা (Corona) ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে উত্তৰ প্ৰদেশৰ কানপুৰত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জিকা (Zika) ভাইৰাছৰ সংক্ৰমণে । কানপুৰত পুনৰ ৩০ গৰাকী লোক সংক্ৰমিত হৈছে জিকা ভাইৰাছত । ইয়াৰ লগে লগে মুঠ সংক্ৰমণৰ সংখ্যা ৬৬ গৰাকীলৈ বৃদ্ধি পালে । লক্ষ্ণৌৰ কিং জৰ্জ মেডিকেল ইউনিভাৰ্চিটি (KGMU) আৰু পুনেৰ নেচনেল ইনষ্টিটিউট অৱ ভাইৰোলজি (National Institute of Virology) পৰীক্ষাগাৰত কৰা নমুনাৰ পৰীক্ষাত ৩০ গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰে জিকা ভাইৰাছৰ অৱস্থিতি ।

যোৱা ২৩ অক্টোবৰত চহৰখনত ভাইৰাছৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছিল । নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত তিনিগৰাকী মহিলা আৰু ২৭ জন পুৰুষ । বুধবাৰলৈকে চাৰিগৰাকী যুৱতীসহ মহিলাৰ সংখ্যা আছিল ১৮ গৰাকী আৰু নতুনকৈ তিনিগৰাকী সংক্ৰমিত হোৱাৰ লগে লগে মহিলা ৰোগীৰ সংখ্যা এতিয়া ২১ লৈ বৃদ্ধি হৈছে । কানপুৰৰ মুখ্য চিকিৎসা বিষয়া ডাঃ নেপাল সিঙে কোৱা মতে বৃহস্পতিবাৰলৈ মুঠ আক্ৰান্ত ৬৬ গৰাকীৰ ভিতৰত ৪৫ জনে পুৰুষ ।

ড০ সিঙে কোৱা মতে নমুনাবোৰ তিনিদিন পূৰ্বে পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল । জিকা হৈছে এবিধ মহৰ দ্বাৰা সংক্ৰমিত ভাইৰাছ, যি এডিছ প্ৰজাতিৰ (Aedes species) এডিছ ইজিপ্টাই (Aedes aegypti) নামৰ মহে কামোৰাৰ ফলত বিয়পে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এডিছ মহবোৰে সাধাৰণতে দিনত কামোৰে । পুৱা আৰু আবেলি বা সন্ধিয়া ই ৰৈ থাকে ।

ৰাজ্যখনত পোহৰলৈ অহা প্ৰথম জিকা ভাইৰাছৰ ঘটনাটো ২৩ অক্টোবৰত কানপুৰৰ ভাৰতীয় বায়ু সেনা ষ্টেচন এলেকাৰ পৰা আহিছিল । পৰৱৰ্তী সময়ত, আই.এ.এফ.(IAF) ষ্টেচন এলেকাৰ পৰা আৰু তিনিটা ঘটনা পোহৰলৈ আহিছিল । স্বাস্থ্য বিভাগে জিকা ভাইৰাছ সংক্ৰমিত প্ৰৱণ স্থান হিচাপে বায়ু সেনাৰ ষ্টেচনৰ দুই কিলোমিটাৰৰ ভিতৰত এটা এলেকা চিহ্নিত কৰিছিল । অৱশ্যে, লাল কুৰ্তি, মংলা বিহাৰ, তিৱাৰীপুৰ, ওমপুৰৱা, জগইপুৰৱা, শ্যাম নগৰ অঞ্চলতো নতুন ৰোগী পোৱা গৈছে ।

বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্তসকল ভৱানীপুৰ আৰু কয়লা নগৰৰ দৰে নতুন অঞ্চলৰ । যিবোৰ অঞ্চল স্বাস্থ্য বিভাগে চিহ্নিত কৰা এলেকাৰ বাহিৰত আছিল । ইয়াৰ পাছতে কানপুৰৰ জিলা দণ্ডাধীশ বিশাল জি আয়াৰে স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে দুয়োটা অঞ্চল পৰিদৰ্শন কৰে । তেওঁ পাছত কয় যে সাতটাকৈ বিশেষ দল নিৰীক্ষণত আছে ।

লক্ষণীয়ভাৱে কেৰালাৰ পাছতে কানপুৰত এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক সংখ্যক জিকা ভাইৰাছত সংক্ৰমিত ৰোগী আছে । কেৰালাত মুঠ ৯০ গৰাকী ৰোগী ধৰা পৰিছে । জিলা দণ্ডাধীশগৰাকীয়ে জনোৱা মতে ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰতিখন জিলাত হাইএলাৰ্ট জাৰি কৰিছে আৰু সংক্ৰমণ ৰোধৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক :দেশত এইবাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে জিকা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

ABOUT THE AUTHOR

...view details