অসম

assam

ETV Bharat / bharat

আগৰতলা চহৰৰ ৩ টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন ঘোষণা - Containment zones

ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাৰ আগৰতলা চহৰৰ ৩টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে । আনহাতে, ৰাজ্যখনত প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত ৰিক্সাচালক, অটো চালকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব ।

3 wards of Agartala City declared as Containment zones
ত্ৰিপুৰা চহৰৰ ৩টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন ঘোষণা

By

Published : May 13, 2021, 7:22 PM IST

আগৰতলা,১৩ মে': দিনক দিনে ক'ভিড-১৯ মহমাৰীয়ে ত্ৰিপুৰাত কালৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে । ৰাজ্যখনত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকৰ টীকাকৰণৰ ক্ষেত্ৰত ৰিক্সাচালক, অটো চালকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি চৰকাৰে ঘোষণা কৰিছে । আনহাতে, আগৰতলা চহৰৰ ৩টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে ।

সংক্ৰমণৰ হাৰৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে আগৰতলা পৌৰ নিগমৰ এই ৩টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে । চৰকাৰৰ এই নতুন নিৰ্দেশনা বৃহস্পতিবাৰে দুপৰীয়া ১২ বজাৰ পৰা কাৰ্যকৰী হ'ব আৰু এই নিৰ্দেশ আগন্তুক দহ দিনৰ বাবে বাহাল থাকিব । প্ৰথমে এই নিষেধাজ্ঞা পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও মানুহক প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ সুযোগ দিয়াৰ বাবে সিদ্ধান্তটো সলনি কৰা হয় ।

বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এই কথা জনোৱা হৈছিল । পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ ৰাভেল হেমেন্দ্ৰ কুমাৰে বুধবাৰে এএমচিৰ ৫নং, ২১নং আৰু ৪৬নং ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ লগতে বিতং তথ্য সম্বলিত এক নিৰ্দেশনা জাৰি কৰে। ইয়াৰ উপৰিও, উক্ত ৱাৰ্ডবোৰত আক্ৰান্ত লোকক শীঘ্ৰে চিনাক্ত কৰাৰ বাবে প্ৰতিটো পৰিয়ালতে ৰেপিড এণ্টিজেন পৰীক্ষাৰ ব্যৱস্থাও কৰা হৈছে ।

ত্ৰিপুৰা চহৰৰ ৩টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন ঘোষণা

বুধবাৰে এক সংবাদমেল সম্বোধন কৰি শিক্ষা মন্ত্ৰী ৰতন লাল নাথে কয় যে, ক'ভিড-১৯ সংক্ৰমণ ৰোধ কৰিবলৈ ত্ৰিপুৰা চৰকাৰে অহা দহ দিনৰ বাবে এএমচিৰ ৫নং, ২১নং আৰু ৪৬নং ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে । ইয়াৰ উপৰিও, প্ৰশাসনে ২, ১২,২০, ২৪,৩৩,৪৫,৪৯ নং ৱাৰ্ডৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । এই ৱাৰ্ডসমূহতো আন ৱাৰ্ডবোৰতকৈ সংক্ৰমণৰ হাৰ অধিক ।

আক্ৰান্তৰ হাৰ ১০ শতাংশ হোৱাৰ লগে লগে, সেই ৱাৰ্ডবোৰো কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হ'ব । ত্ৰিপুৰা চৰকাৰে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, চৰাকাৰে ৰাজ্যখনত সম্পূৰ্ণ লকডাউন জাৰি কৰাৰ পৰিকল্পনা কৰা নাই । চৰকাৰে মিনি লকডাইনৰ জৰিয়তে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে । শিক্ষা মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা ৱাৰ্ডবোৰত বাস কৰা দৰিদ্ৰ পৰিয়ালবোৰৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই ৱাৰ্ডবোৰত থকা মহমাৰীত আক্ৰান্ত পৰিয়ালবোৰক খাদ্য সামগ্ৰী যোগান ধৰিব ।

ত্ৰিপুৰা চহৰৰ ৩টা ৱাৰ্ডক কণ্টেইনমেণ্ট জ'ন ঘোষণা

প্ৰতিটো খাদ্য সামগ্ৰীৰ পেকেটত ৮ টা সামগ্ৰী থাকিব । সেয়া হৈছে-১০ কেজি চাউল, দাইল ২ কেজি, আলু ৩ কেজি, পিয়াজ ২ কেজি, ৫০০ গ্ৰাম চয়াবিন, ২০০ গ্ৰাম পাউডাৰ গাখীৰ, ১ কিলোগ্ৰাম নিমখ আদি । ৱাৰ্ডকেইটাত মুঠ ৮,৫৫০ খন ৰেচন কাৰ্ড থকা পৰিয়াল আছে । ইয়াৰে ৫০ শতাংশ লোকে আঁচনিৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে । মন্ত্ৰী নাথে ক'ভিড পৰীক্ষা সন্দৰ্ভত কয় যে, কণ্টেইনমেণ্ট জ'নত বাস কৰা পৰিয়াল বোৰৰ বাবে ৰেপিড এণ্টিজেন পৰীক্ষা বাধ্যতামূলক কৰা হৈছে আৰু স্বাস্থ্য কৰ্মীয়ে বৰ্তমান ক'ভিড পৰীক্ষা কৰাই আছে ।

বৃহস্পতিবাৰৰ পৰা ঘৰে ঘৰে গৈ নমুনা সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে বুলিও তেওঁ জানিবলৈ দিয়ে । ইফালে, আৰক্ষী, টি এছ আৰ, যানবাহন আৰু স্বাস্থ্য সেৱাৰ দৰে জৰুৰীকালীন সেৱাসমূহৰে জড়িত লোকক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে । পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ গেলামালৰ দোকান, গাখীৰ বিক্ৰী কৰা দোকান খুলিবলৈ অনুমতি দিয়া হৈছে ৷ ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকৰ টীকাকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, বৃহস্পতিবাৰৰ পৰা বহু প্ৰতীক্ষিত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ লোকৰ টীকাকৰণ অভিযান আৰম্ভ হ'ব ।

মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ বিশেষ পৰামৰ্শ অনুসৰি ৰিক্সাচালক আৰু অটো চালকসকলক প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । সাংবাদিক, উচ্চ ন্যায়ালয়ৰ কৰ্মচাৰী আৰু শক্তি বিভাগ, ভাৰতীয় খাদ্য নিগম, বেংক আৰু এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰকৰ কৰ্মচাৰীসকলকো প্ৰতিষেধকৰ লাভৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব । ত্ৰিপুৰাই শেহতীয়াকৈ কোভেক্সিন প্ৰতিষেধকৰ ১৫,১৫০টা পালি লাভ কৰিছে ।

জানিব পৰা মতে, ত্ৰিপুৰাই এতিয়ালৈকে ১৪,৬৮,২৮০টা পালি লাভ কৰিছে আৰু ইয়াৰ ভিতৰত ১৪,২১,২৮০টা পালি ইতিমধ্যে প্ৰদান কৰা হৈছে । স্বাস্থ্যসেৱা কৰ্মচাৰীৰ ৯৬.২, ফ্ৰণ্টলাইন কৰ্মীৰ ৯৬.৬ আৰু ৪৫ বছৰৰ উৰ্ধৰ লোকৰ ৭৯.১ শতাংশক প্ৰতিষেধকৰ প্ৰথম পালি প্ৰদান কৰা হৈছে ।

একেদৰে ৮৩.২ শতাংশ স্বাস্থ্যসেৱা কৰ্মচাৰী, ৮২.৭ শতাংশ ফ্ৰণ্টলাইন কৰ্মী আৰু ৪৯ শতাংশ জ্যেষ্ঠ নাগৰিকে দ্বিতীয় পালি লাভ কৰিছে । আনহাতে, যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত দুগৰাকী কৰণা আক্ৰান্তই প্ৰাণ হেৰুৱাইছে আৰু নতুনকৈ ৪১৬ জন লোক মহমাৰীৰ কবলত পৰিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ সৈতে সম্পৰ্ক ছেদ NAFED ৰ

ABOUT THE AUTHOR

...view details