অসম

assam

ETV Bharat / bharat

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি - 3 বজাৰ দহটা শীৰ্ষ বাতৰি

দুপৰীয়া 3 বজাৰ দহটা শীৰ্ষ বাতৰি...

3 pm top ten news3 pm top ten news
3 pm top ten news

By

Published : Dec 26, 2020, 3:04 PM IST

গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ

গোৱালপাৰৰ ফুটুৰীপাৰা-লেওঁৱাবাৰী গাঁৱত শুকুৰবাৰে বন্যহস্তীয়ে আক্ৰমণ চলাই ধ্বংস কৰে এজন লোকৰ বাসগৃহ ৷ আক্ৰমণত কথমপি ৰক্ষা পৰে পৰিয়ালটো ৷

জম্মু আৰু কাশ্মীৰত পুনৰ বঢ়াই দিয়া হ'ল ইন্টাৰনেট সেৱাৰ ওপৰত থকা নিষেধাজ্ঞা

2021 চনৰ 8 জানুৱাৰী লৈকে জম্মু কাশ্মীৰত বাহাল থাকিব ইন্টাৰনেট সেৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা ৷ 2G স্পীডতেই জম্মু কাশ্মীৰত চলি থাকিব ইন্টাৰনেট সেৱা ৷ বিগত বৰ্ষত ধাৰা 370 ৰ বাতিল কৰাৰ পাছত জম্মু আৰু কাশ্মীৰত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছিল ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : পচকীবালা ৰায়ৰ ঘৰলৈ সাহায্য

বঙাইগাঁৱত ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰি প্ৰকাশৰ পিছতে চকু মেল খালে চৰকাৰ তথা জিলা প্ৰশাসনৰ ৷ অসহায় বৃদ্ধাৰ বাসগৃহৰ মেৰামতি আৰু খোৱাপানীৰ বাবদ দমকল যোগান দিলে প্ৰশাসনে ৷

হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী

শুকুৰবাৰে নিশা হোজাইৰ উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত চলোৱা এক অভিযানত পিষ্টল সহ আটক কৰা হয় দুই কুখ্যাত অপৰাধী বিল্লাল উদ্দীন আৰু ৰহিম উদ্দিনক ৷

দিচাংমুখত হাতী মানুহৰ সংঘাতৰ পৰিণতি : বিদ্যুৎ স্পৃষ্ট হৈ 2 টা বন্যহস্তীৰ মৃত্যু

শিৱসাগৰ জিলাৰ দিচাংমুখৰ দীঘল দৰিয়লিত দুটাকৈ বন্যহস্তীক বিদ্যুৎ সংযোগ কৰি হত্যা কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ জানিব পৰা মতে ঘটনাস্থলীৰ পৰা বিদ্যুৎ সংযোগৰ বাবে ব্যৱহৃত তাঁৰ, হাঁকূটি উদ্ধাৰ কৰে স্থানীয় লোকে ৷ ৰাইজে সদৰি কৰা মতে নদীপৰীয়া অঞ্চলটো দীৰ্ঘ দিনৰ পৰা বনৰীয়া হাতীৰ এটা জাকে খাদ্য সন্ধানত বাহৰ পাতি আছিল ৷

নাগৰহোল ৰাষ্ট্ৰীয় উদ্যানৰ ভাইৰেল ভিডিঅ'

কৰ্ণাটকৰ মহীশূৰৰ নাগৰহোল ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কাবিনী বেকৱাটাৰ এলেকাত এজাক হাতীয়ে দৰ্শনাৰ্থীক লৈ অহা হাতী চাফাৰী দেখি খেদিবলৈ ধৰে ৷ হাতী চাফাৰীৰ পৰিচালকগৰাকীয়ে পৰিস্থিতি বিষম হোৱাৰ অনুমান কৰি ওভোটাই নিয়ে দৰ্শনাৰ্থীক লৈ অহা চাফাৰীখন ৷ সম্প্ৰতি ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ৷

জোৰশিমলুত 100 কাৰ্টন চোৰাং মিঠাতেল জব্দ

কামৰূপ(গ্ৰাম্য) ৰ ছয়গাঁও আৰু জোৰশিমলু আৰক্ষীৰ সফল যুটীয়া অভিযান ৷ শুকুৰবাৰে নিশা চলোৱা অভিযানত জব্দ 100 কাৰ্টন চোৰাং মিঠাতেল ৷ ঘটনা সন্দৰ্ভত চানমিঞা আলী নামৰ লোকজনক আটক ৷

ব্ৰহ্মপুত্ৰৰ বুকুত ক্ষুব্ধ জনতাই ডুবালে আৰক্ষীৰ নাও

শনিবাৰে ধুবুৰীৰ কাতলামাৰী এলেকাত ক্ষুদ্ধ জনতাই ব্ৰহ্মপুত্ৰৰ বুকুত বুৰাই দিয়ে আৰক্ষীৰ এখন নাও ৷ আৰক্ষীৰ দলটোৱে চোৰাং গৰু জব্দ কৰিবলৈ যোৱাৰ পাচতেই ৰাইজৰ সৈতে খণ্ডযুদ্ধ ৷ কথমপি প্ৰাণ ৰক্ষা আৰক্ষীৰ দলটোৰ ৷

দুৰ্বৃত্তই খান্দিলে বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেলপথাৰ

বিলাসীপাৰাৰ একমাত্ৰ ক্ৰিকেট খেল পথাৰখনত দুৰ্বৃত্তৰ চকু ৷ নিশাৰ ভাগত কোনো দুৰ্বৃত্তই খেল পথাৰ খন খান্দি অনিষ্ট কৰে ৷ খেলপথাৰ খনত বিলাসীপাৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

পতাহী বিলত মাছ ধৰা নিষিদ্ধ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই

ভোগালীৰ উৰুকাৰ পুৱা পতাহী বিলৰ মাছ ধৰি নিশাৰ ভোগালীৰ ভোজৰ উল্লাস অন্ত পৰাৰ দিশে ৷ উন্নয়ন আৰু জৈৱ-বৈচিত্ৰ‍্য ৰক্ষাৰ স্বাৰ্থত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই নিষিদ্ধ কৰিলে পতাহী বিলত মাছ ধৰা কাৰ্য ৷ বলিউদৰ তাৰকা অভিনেতা অক্ষয় কুমাৰে ৰাষ্ট্ৰীয় উদ‍্যানখনলৈ আগবঢ়োৱা অনুদানৰ ধনৰ অংশৰে পতাহী বিলক পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি গঢ়ি তোলাৰ লক্ষ্য উদ্যান কৰ্তৃপক্ষৰ ৷

ABOUT THE AUTHOR

...view details