নেশ্যনেল ডেস্ক,১৭ জুন :মধ্যপ্ৰদেশত ভয়ংকৰ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু ডাম্পাৰৰ মুখামুখি সংঘৰ্ষত ৩ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনাত ১৫ জনৰো অধিক লোক আহত হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
আৰক্ষীয়ে জনোৱা মতে শনিবাৰে পুৱতি নিশা এই দুৰ্ঘটনাটো সংঘটিত হয় । মোৰেনা জিলাৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেৱপুৰী বাবা মন্দিৰৰ সমীপতে এই দুৰ্ঘটনাটো সংঘটিত হয় । আৰক্ষীৰ তথ্য অনুসৰি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাত ৰখাই থোৱা ডাম্পাৰত খুন্দা মাৰে । বাছখনে গোৱালিয়ৰৰ পৰা দিল্লীলৈ যাত্ৰা কৰি আছিল । পুৱা প্ৰায় ২ মান বজাত সংঘটিত এই দুৰ্ঘটনাটোত বাছখনৰ ৩ গৰাকী যাত্ৰী নিহত হয় । ইফালে আহতসকলক সমীপৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সম্প্ৰতি তেওঁলোকৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ সিং চৌহান দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ বুজ লয় ।
জানিব পৰা মতে দুৰ্ঘটনাটোৰ পাছতে বহু সময় ধৰি ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে । বহু যান-বাহন ৰাস্তাত আৱদ্ধ হৈ পৰে । অৱশ্যে আৰক্ষীয়ে অধিক তৎপৰতাৰে পথটো মুকলি কৰি দিবলৈ সক্ষম হয় । আৰক্ষীয়ে জনোৱা মতে মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ।