অসম

assam

ETV Bharat / bharat

Blue Package company incident : তামিলনাডুৰ ব্যক্তিগত কোম্পানীত হুলস্থূল, ২৮ প্ৰব্ৰজনকাৰী শ্ৰমিকক গ্ৰেপ্তাৰ - Blue Package company

অম্বাট্টুৰৰ সমীপৰ পাট্টাৰাভাক্কাম ৰোডত থকা ব্লু পেকেজ নামৰ ব্যক্তিগত কোম্পানীত হুলস্থূলীয়া পৰিৱেশ । আয়ুধা পূজাৰ নিশা একাংশ শ্ৰমিকৰ মাজত মাৰপিট । আৰক্ষীকো আক্ৰমণ শ্ৰমিকৰ । ২৮ জন প্ৰব্ৰজনকাৰী শ্ৰমিকক গ্ৰেপ্তাৰ ।

Blue Package company incident
তামিলনাডুৰ ব্যক্তিগত কোম্পানীত হুলস্থূল

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 6:00 PM IST

নেশ্যনেল ডেস্ক,২৮ অক্টোবৰ :তামিলনাডুৰ এটা ব্যক্তিগত কোম্পানীত তীব্ৰ উত্তেজনা । আৰক্ষীক প্ৰহাৰৰ অভিযোগত কোম্পানীটোৰ প্ৰায় ২৮ গৰাকী শ্ৰমিকক গ্ৰেপ্তাৰ কৰা হৈছে ।

জানিব পৰা মতে অম্বাট্টুৰৰ সমীপৰ পাট্টাৰাভাক্কাম ৰোডত থকা ব্লু পেকেজ নামৰ ব্যক্তিগত কোম্পানীত সংঘটিত হৈছে এই ঘটনা । উত্তৰ ভাৰতৰ বহু ৰাজ্যৰ কৰ্মচাৰী এই কোম্পানীটোত কাম কৰি আছে । কোম্পানীটোৰ মেনেজাৰে অভিযোগ কৰা মতে ২৩ অক্টোবৰত আয়ুধা পূজাৰ আয়োজন কৰা হৈছিল । পূজাৰ নিশা ২০০ৰো অধিক শ্ৰমিকে সুৰাৰ ৰাগীত সংঘৰ্ষত লিপ্ত হয় ।

প্ৰচণ্ড মাৰপিট হোৱাৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । কিন্তু উত্তেজিত শ্ৰমিকসকলে আৰক্ষীকো আক্ৰমণ কৰে । আনকি আৰক্ষী অহা বাহনসমূহতো শ্ৰমিকসকলে আক্ৰমণ কৰে । ঘটনাটোত দুগৰাকী আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় । আহত আৰক্ষী জোৱানজনক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হয় ।

তাৰ পাছতে যথেষ্ট আৰক্ষী জোৱানত ঘটনাস্থলীত মোতায়েন কৰা হয় । আনহাতে চিচিটিভি ফুটেজৰ আধাৰত একাংশ শ্ৰমিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় । ঘটনাটোক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ ৰাজনৈতিক নেতাই ঘটনাটোক তীব্ৰ গৰিহণা দিছে । ইফালে আৰক্ষীয়েও ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । আৰক্ষীয়ে এই হিংসাত্মক ঘটনাত জড়িত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক বিচাৰি অভিযান অব্যাহত ৰাখিছে । চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে ২৮ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকক চিনাক্ত কৰিছে ।

তদন্তৰ অংশ হিচাপে প্ৰায় ৫০ গৰাকী আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চ গঠন কৰা হৈছে । টাস্ক ফৰ্চে ইতিমধ্যে ৫ গৰাকী শ্ৰমিকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । তাৰ মাজতে শুকুৰবাৰে পুনৰ আৰক্ষীয়ে ২৮ জন শ্ৰমিকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে টি-২ আম্বাট্টুৰ ঔদ্যোগিক ইষ্টেট আৰক্ষী থানাত ৫৯৮/২৩ ইউ/এছ ১৪৭, ১৪৮, ২৯৪(বি), ৩২৪, ৩৫৩, ৫০৬(আইআই) আইপিচি আৰ/ডব্লিউ ৩ অফ টিএনপিপিডিএল আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক :Indian national sentenced to jail in Singapore : ছিংগাপুৰত কলেজীয়া ছাত্ৰীক ধৰ্ষণ, ধৰ্ষণকাৰী ভাৰতীয় যুৱকক ১৬ বছৰৰ কাৰাদণ্ড

ABOUT THE AUTHOR

...view details