নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ :ছত্তীশগড়ৰ এখন বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । কোণ্ডাগাঁৱৰ কীৰৱাহীৰ এখন চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীক শাস্তিৰ নামত নিৰ্মম অত্যাচাৰ চলোৱা অভিযোগ উঠিছে । অভিযোগ অনুসৰি চৰকাৰী বিদ্যালয়খনৰ ২৫ গৰাকীকৈ ছাত্ৰীৰ হাতত গৰম তেল ঢালি দিয়া হয় । ছাত্ৰী কেইগৰাকীক প্ৰত্যকৰে হাতত গৰম তেল ঢালিবলৈ বাধ্য কৰোৱা হৈছিল । সমগ্ৰ ঘটনাটোক লৈ ছত্তীশগড়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । আৰক্ষীয়ে জনোৱা মতে বিভাগীয় তদন্তৰ পাছত শিক্ষা বিভাগে ৩ গৰাকী শিক্ষকক নিলম্বনৰ ব্যৱস্থা কৰিছে ।
আৰক্ষীয়ে কোৱা মতে কোনো ছাত্ৰীয়ে শৌচালয়ৰ বাহিৰতে শৌচ কৰিছিল । সেই বিষয়ে শিক্ষকসকলে গম পোৱাৰ পাছতে তেওঁলোকক জবাবদিহি কৰা হয় । শিক্ষকসকলে শিক্ষাৰ্থীসকলক প্ৰশ্ন কৰে যদিও কোনে সেই কাম কৰিলে তাৰ সঠিক উত্তৰ নিদিলে শিক্ষাৰ্থীসকলে । যাৰ বাবে শিক্ষকসকলে শিক্ষাৰ্থীসকলক ইজনীৰ হাতত আনজনীক গৰম তেল ঢালিবলৈ নিৰ্দেশ দিয়ে । গৰম তেল ঢালি দিয়াৰ পাছতে প্ৰায় ২৫ গৰাকী ছাত্ৰীৰ হাত পুৰি যায় ।
ইফাল এই ঘটনাৰ পাছতে বিদ্যালয়ৰ অভিভাৱক আৰু অন্যান্য শিক্ষাৰ্থীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই ঘটনাত জড়িত শিক্ষকসকলক শাস্তি প্ৰদানৰ দাবী কৰে প্ৰতিবাদকাৰীসকলে । ভুক্তভোগী ছাত্ৰীসকলৰ অভিভাৱকে অভিযোগ কৰা মতে শিক্ষকসকলে ছাত্ৰীসকলৰ হাতত গৰম তেল ঢালিবলৈ বাধ্য কৰাইছিল । যাৰ বাবে তেওঁলোকে সেই কাম কৰিছিল । ইফালে তেওঁলোকৰ সন্তান বিদ্যালয়ত সুৰক্ষিত নহয় বুলিও দাবী কৰিছে ।