নেশ্যনেল ডেস্ক, 31 অক্টোবৰ:নক্সালৰ গোপন স্থানৰ (Naxal hideout in Jharkhand) পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে (Huge amount of weapons Seized)৷ ঝাৰখণ্ড আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এক যুটীয়া অভিযানত সোমবাৰে ঝাৰখণ্ড-ছত্তীশগড় সীমান্তৰ ওচৰৰ লাতেহাৰ জিলাৰ অন্তৰ্গত নক্সালবাদী অধ্যুষিত আস্তানা 'বুদা পাহাৰ' অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষীয়ে জনোৱা অনুসৰি বিগত ডেৰ মাহ ধৰি ৰাজ্যিক আৰক্ষী, চিআৰপিএফ আৰু কোবৰা বেটেলিয়নে ঝাৰখণ্ড জাগুয়াৰৰ উপৰিও 'বুদা পাহাৰ' অঞ্চলত নক্সালবাদীসকলৰ বিৰুদ্ধে এক যুটীয়া অভিযান আৰম্ভ কৰিছিল ৷ ইয়াৰ পিছতে, লেথাৰৰ এছ পি অঞ্জনী অঞ্জনে এক গোপন সূত্ৰৰ পম খেদি যুটীয়া দলটোৱে অভিযান আৰম্ভ কৰাৰ পিছত অঞ্চলটোত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ হাতে লোটে ধৰা পেলায় ৷
লেথাৰৰ এছ পি অঞ্জনী অঞ্জনে (Latehar SP Anjani Anjan)কয়, "আমি এক যুটীয়া অভিযান আৰম্ভ কৰিছিলো ৷ এই অভিযানত ২১৩ টা আইইডি বোমা, বাইনোকুলাৰ, জিপিএছ, ৱাকি টকী আৰু অন্যান্য সামগ্ৰীৰ উপৰিও এলএমজি, এছএলআৰ, আই এন এছ এ এছৰ দৰে প্ৰায় ১০ টা ৰাইফল আৰু বিভিন্ন অস্ত্ৰৰ ৯০০ টা কাৰ্টিজ উদ্ধাৰ কৰা হৈছিল ৷ এই অভিযানটো অঞ্চলটোত এতিয়াই সক্ৰিয় হৈ থকা নক্সালৰ বাবে এক ডাঙৰ জোকাৰণি ৷"