নেশ্যনেল ডেস্ক, ৭ জুন: ক'ডাকাৰা ক'লা ধনৰ গোচৰ সন্দৰ্ভত এতিয়ালৈকে ২০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । বিশেষ তদন্তকাৰী দলৰ তীক্ষ্ণ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে বিজেপি নেতা । সোমবাৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে(Pinarayi Vijayan) বিধানসভাত এই কথা প্ৰকাশ কৰে । তেওঁ জানিবলৈ দিয়ে যে, "ক'ডাকাৰা গোচৰৰ তদন্তৰ অংশ হিচাপে ৯৬ জন সাক্ষীৰ জবানবন্দী লোৱা হৈছে । প্ৰায় ২০ জন অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হৈছে ।
মুঠ লুণ্ঠন কৰা ৩.৫ কোটি টকাৰ ভিতৰত ১.১২ কোটি টকা ৩৪৭ গ্ৰাম ওজনৰ সোণৰ গহনা, মোবাইল ফোন আৰু ঘড়ী ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল বুলিও তেওঁ জানিবলৈ দিয়ে । অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই সামগ্ৰীবোৰ আৰক্ষীয়ে জব্দ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বৰ্তমান এই গোচৰৰ তদন্ত পূৰ্ণ গতিত চলি আছে । এই বিষয় সন্দৰ্ভত কংগ্ৰেছ বিধায়ক শ্বফি পৰমবিলে উত্থাপন কৰা স্থগিতৰ জাননীৰ উত্তৰত সদনত তেওঁ এই তথ্য দাঙি ধৰে ।
গোচৰটোৰ বিষয়ে বিৱৰণ দি মুখ্যমন্ত্ৰী বিজয়নে কয় যে, যোৱা ৩ এপ্ৰিলত গোচৰটো প্ৰথমতে ভাৰতীয় দণ্ডবিধিৰ ৩৯৫ নং ধাৰাৰ অধীনত ৰুজু কৰা হৈছিল । এই অভিযোগ মতে, ত্ৰিচুৰ ক'ডাকাৰা বাইপাছত এজন লোকৰ পৰা দুৰ্বৃত্তই ২৫ লাখ টকা আৰু এখন গাড়ী চুৰি কৰিছিল । অভিযোগকাৰী শ্বামজিৰ আৰু ধৰ্মৰাজন আছিল কোজিকোড়ৰ বাসিন্দা আৰু তেওঁলোকে এই ধনৰাশি এখন বাহনেৰে পঠিয়াইছিল । পিছত তেওঁলোকক বিতংভাৱে সোধ-পোছ কৰে আৰক্ষীয়ে ।