অসম

assam

ETV Bharat / bharat

1984 anti sikh riots : চলি আছে শিখ বিৰোধী সংঘৰ্ষ গোচৰ; আদালতত হাজিৰ কংগ্ৰেছ নেতা

1984 চনৰ শিখ বিৰোধী সংঘৰ্ষৰ ঘটনাৰ বাবে কংগ্ৰেছ নেতা জগদীশ টাইটলাৰক 5 আগষ্টত হাজিৰ কৰা হ’ল আদালতত ৷

Delhi Shiromanti Gurdwara Management Committee
চলি আছে শিখ বিৰোধী সংঘৰ্ষ গোচৰ

By

Published : Aug 5, 2023, 1:23 PM IST

Updated : Aug 5, 2023, 1:58 PM IST

নেশ্যনেল ডেস্ক, 5 আগষ্ট :চলি আছে 1984 চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰ ৷ গোচৰৰ অভিযুক্ত কংগ্ৰেছ নেতা জগদীশ টাইটলাৰক শনিবাৰে দিনৰ 12 বজাত ৰাউজ এভিনিউত অৱস্থিত দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় । আনহাতে, টাইটলাৰৰ হাজিৰ হোৱাৰ সময়ত আদালত চৌহদৰ বাহিৰত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে দিল্লী শিৰোমণি গুৰদ্বাৰ প্ৰৱন্ধক কমিটীয়ে ।

1984 চনৰ শিখ বিৰোধী সংঘৰ্ষ গোচৰৰ অভিযুক্ত কংগ্ৰেছ নেতা জগদীশ টাইটলাৰক শুকুৰবাৰে এক লাখ টকাৰ ব্যক্তিগত বণ্ডত আগজাননীমূলক জামিন লাভ কৰাৰ পিচত শনিবাৰে ৰাউজ এভিনিউৰ মেজিষ্ট্ৰেট আদালতত হাজিৰ কৰোৱা হ’ব । দুপৰীয়া 12 বজাত অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ (এচিএমএম) বিধি গুপ্ত আনন্দৰ আদালতত হাজিৰ কৰোৱা হয় টাইটলাৰক । টাইটলাৰৰ হাজিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আদালত চৌহদৰ গেটৰ পৰা দ্বিতীয় মহলাত অৱস্থিত আদালত কক্ষলৈকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । ইয়াত বৃহৎ সংখ্যক দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান মোতায়েন কৰা হৈছে ।

চলি আছে শিখ বিৰোধী সংঘৰ্ষ গোচৰ

দৰাচলতে 20 মে’ত জগদীশ টাইটলাৰৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰা পৰিপূৰক অভিযোগনামাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত মুখ্য মহানগৰ দণ্ডাধীশ বিধি গুপ্ত আনন্দে 26 জুলাইত টাইটলাৰক চমন জাৰি কৰে । চমন জাৰি কৰি আদালতে টাইটলাৰক 5 আগষ্টত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে । শনিবাৰে টাইটলাৰ হাজিৰ হোৱাৰ সময়ত আদালত চৌহদৰ বাহিৰত বিক্ষোভৰ কথা ঘোষণা কৰিছে দিল্লী শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক কমিটীয়ে । উল্লেখ কৰা প্ৰয়োজন দিল্লী শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক কমিটীয়ে 1984 চনৰ শিখ দাংগা বলি হোৱা লোকৰ ন্যায়ৰ হকে যুঁজি আছে ।

শুকুৰবাৰেও আদালতৰ চৌহদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি টাইটলাৰে আদালতৰ পৰা আগতীয়াকৈ জামিন পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । 5 আগষ্টত জগদীশ টাইটলাৰৰ শাস্তি আৰু নিজৰ ন্যায়ৰ দাবীত ভুক্তভোগীৰ হৈ প্ৰতিবাদ কৰাৰ প্ৰস্তুতি চলিছে ।

লগতে পঢ়ক :Manipur violence : এতিয়াও শান্ত হোৱা নাই মণিপুৰ; গুলীচালনাত তিনিজনৰ মৃত্যু; ঘৰত অগ্নিসংযোগ

Last Updated : Aug 5, 2023, 1:58 PM IST

ABOUT THE AUTHOR

...view details