নেশ্য়নেল ডেস্ক, 26 ছেপ্টেম্বৰ:তামিলনাডুত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (Popular Front of India) বিৰুদ্ধে এন আই এৰ অভিযানৰ পিছত সংঘটিত বোমা আক্ৰমণৰ ঘটনা সন্দৰ্ভত ১৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে (18 arrestedin connection with petrol bomb attack)। এই বিষয়ে সোমবাৰে আৰক্ষীয়ে সদৰি কৰিছে ।
উল্লেখ্য় যে, যোৱা ২২ ছেপ্টেম্বৰত এনআইএৰ বিষয়াসকলে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া নামৰ সংগঠনটোৰ চৌহদত তালাচী চলাই তামিলনাডুৰ পৰা ১১ জন পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াৰ কাৰ্যবাহীক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ প্ৰতিবাদত পিএফআয়ে প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ লগতে বহু ঠাইত বাছত শিলা বৰ্ষণ কৰে ।
ইয়াৰ পিছত কোয়েম্বাটুৰ, মাদুৰাই, ডিণ্ডিগুল, ইৰোড, ৰামনাথপুৰম আৰু কন্যাকুমাৰীত একেৰাহে ৭ টা স্থানত পেট্ৰ'ল বোমা বিস্ফোৰণৰ ঘটনা (petrol bomb attack in Tamil Nadu)সংঘটিত হৈছিল । সেয়েহে তামিলনাডুৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কমাণ্ডো আৰু বিশেষ অভিযান বাহিনীকে ধৰি হাজাৰ হাজাৰ আৰক্ষী নিয়োজিত কৰা হয় ।