নেশ্যনেল ডেস্ক,২৩ মাৰ্চ :ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ বাবে এক ভয়ংকৰ খবৰ । আপুনি গম নোপোৱাকৈ চাইবাৰ অপৰাধীয়ে সংগ্ৰহ কৰিছে নেকি আপোনাৰ গোপন আৰু ব্যক্তিগত তথ্য ? কিয়নো হায়দৰাবাদৰ চায়বাৰাবাদ আৰক্ষীৰ জালত পৰিছে এটা বিশেষ চক্ৰ । যিটো চক্ৰই দেশৰ কোটি কোটি লোকৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰিছিল (Personal data were stolen across country)।
উল্লেখ্য যে চায়বাৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুষ্টচক্ৰটোৱে ব্যক্তিগত তথ্য চুৰি কৰি বিক্ৰী কৰি আছিল (Cyberabad police arrests cyber gang)। আৰক্ষীৰ অনুসন্ধানত ইতিমধ্যে এই তথ্য পোহৰলৈ আহিছে । আৰক্ষীয়ে জনোৱা মতে চাইবাৰ অপৰাধীৰ দলটোৱে চিম কাৰ্ড, বেংক আৰু নামৰ সৈতে থকা ফোন নম্বৰলৈ এছএমএছ প্ৰেৰণ কৰে । যেতিয়া ব্যৱহাৰকাৰীয়ে এছএমএছৰ লিংকত ক্লিক কৰে তেতিয়াই ফোনটোৰ ব্যক্তিগত তথ্য তেওঁলোকে চুৰি কৰে । এতিয়ালৈকে চক্ৰটোৱে ১৬.৮ কোটি লোকৰ তথ্য চুৰি কৰিছে বুলি তদন্তত পোহৰলৈ আহিছে ।
আনকি এই সন্দৰ্ভত হায়দৰাবাদৰ বহু স্থানত শ শ গোচৰ ৰুজু হৈ আছে (Cyber crime in Hyderabad)। শেহতীয়াকৈ, এইচ.ডি.এফ.চি. আৰু এছ.বি.আই.বেংকৰ নামত কে.ৱাই.চি. আপডেট লগতে ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ তথ্য বিচাৰি বৃহৎ সংখ্যক এছএমএছ প্ৰেৰণ কৰা হৈছিল । এই সন্দৰ্ভত আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰে আৰু অৱশেষক চাইবাৰ অপৰাধীৰ চক্ৰটো আৰক্ষীৰ জালত পৰে ।
যিসকল লোকে বীমা আৰু ঋণৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ তথ্যও চুৰি হৈছে । চায়বাৰাবাদৰ আৰক্ষী আয়ুক্ত ষ্টিফেন ৰবীন্দ্ৰই জনোৱা মতে তথ্য প্ৰযুক্তি, প্ৰতিৰক্ষা আৰু সেনা কৰ্মচাৰীসকলৰ গুৰুত্বপূৰ্ণ তথ্যও বিক্ৰী কৰিছে চক্ৰটোৱে ।