নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ : ভাৰত আৰু বাংলাদেশৰ প্ৰায় 130 গৰাকী অল-কায়েদাৰ সদস্যই পাকিস্তানৰ উত্তৰ ৱাজিৰিস্তানৰ মীৰাণশ্বাহত প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু যুটীয়া আক্ৰমণৰ বাবে আফগানিস্তানলৈ যাত্ৰা কৰিছে ৷ ভাৰতীয় চোৰাংচোৱা সংস্থাই এই বিষয়ে অৱগত কৰি চৰকাৰ আৰু সুুৰক্ষা সংস্থাক সতৰ্ক কৰি দিছে ৷
এই তথ্য লাভৰ পাচতে সুৰক্ষা সংস্থাই বৰ্তমান ভাৰতৰ পৰা পাকিস্তান আৰু আফগানিস্তানত অল-কায়েদাত যোগ দিয়া এই লোকসকলক চিনাক্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে ৷ চোৰাংচোৱা সংস্থাই লগতে জনাইছে যে, 130 গৰাকী অল-কায়েদাৰ সদস্যই হাক্কানীৰ সৈতে লগ লাগি আফ-পাক অঞ্চলত আক্ৰমণ চলাব বাৰে ৷ হাক্কানী নেটৱৰ্ক হৈছে আফগানী সন্ত্ৰাসবাদী দল আৰু ইয়াৰ অল-কায়েদৰ সৈতে সম্পৰ্কিত তালিবানৰ অংশ বুলি বিবেচনা কৰা হয় ৷
চোৰাংচোৱা সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ভাৰত আৰু বাংলাদেশৰ প্ৰায় 130 গৰাকী অল-কায়েদাৰ সদস্যই মীৰাণশ্বাহস্থিত অল-কায়েদৰ শিৱিৰত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত আফগানিস্তানলৈ যাত্ৰা কৰিছে ৷ খোষ্ট, পাকটিয়া, কুনাৰ, লগাৰ, নুৰিস্তান আৰু কাবুলৰ বিভিন্ন অঞ্চলত সোমাই পৰা এই সদস্যকেইজনে হাক্কানী দলৰ সৈতে আক্ৰমণ সংঘটিত কৰিব পাৰে ৷