নেশ্যনেল ডেস্ক, 30 অক্টোবৰ:অন্ধ্ৰ প্ৰদেশত ৰেল দুৰ্ঘটনা হোৱাৰ পাচতে ৰেল বিভাগে সলনি কৰিছে বহুকেইখন ৰেলৰ সময়সূচী ৷দেওবাৰে East Coast Railway এ বিষয়াই জনোৱা মতে, অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰমত দুখন ৰে’লৰ সংঘৰ্ষৰ ফলত 12 খন ৰেলৰ চলাচল বাতিল কৰা হৈছে, 15 খন ডাইভাৰ্ট হোৱাৰ বিপৰীতে আন 7 খন ৰেল আংশিকভাৱে বাতিল কৰা হৈছে ।
উল্লেখ্য যে, অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰ জিলাত দেওবাৰে সন্ধিয়া একেটা পথেৰে গৈ থকা বিশাখাপট্টনম-ৰাগড়া যাত্ৰীবাহী ৰেলে আন এখন যাত্ৰীবাহী ৰেলত খুন্দা মৰাৰ ফলত কমেও 6 জন লোকৰ মৃত্যু হোৱাৰ লগতে 18 জন আহত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।
বিজিয়ানগৰৰ আৰক্ষী অধীক্ষক দীপিকাই কয় যে অন্ধ্ৰ প্ৰদেশৰ ৰেল দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে 40 জন লোক আহত হৈছে । বিভাগীয় ৰেলৱে পৰিচালকগৰাকীয়ে এই সন্দৰ্ভত কয়, "বিশাখাপট্টনম-পলাছা যাত্ৰীবাহী ৰেল আৰু বিশাখাপট্টনম-ৰাগদা যাত্ৰীবাহী ৰেলৰ মাজত সংঘৰ্ষ হয় । দুৰ্ঘটনাটোত 3 খন ডবা ক্ষতিগ্ৰস্ত হোৱাৰ ফলত 10 জন লোক আহত হয় । উদ্ধাৰ অভিযান চলি আছে, স্থানীয় প্ৰশাসন আৰু এনডিআৰএফক সহায় আৰু এম্বুলেন্সৰ বাবে অৱগত কৰা হৈছে ।"