অসম

assam

ETV Bharat / bharat

10 first aid tips with water: পানীৰ সহায়ত কৰক 10টা প্ৰাথমিক চিকিৎসা - পানীয়েই বহু ৰোগ বা সমস্যা দূৰ কৰিব পাৰে

আমি প্ৰায়েই আঘাতপ্ৰাপ্ত হ'লে বা আমাৰ শৰীৰত বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিলে ঔষধ মলম আদিৰ ব্যৱহাৰ কৰো কিন্তু আপুনি জানেনে আমি দৈনিক ব্যৱহাৰ কৰা পানীয়েই বহু ৰোগ বা সমস্যা দূৰ কৰিব পাৰে ৷ তেন্তে জানো আহক পানীৰ সহায়ত কিদৰে সহজতে প্ৰাথমিক চিকিৎসা কৰিব পাৰি ৷

10 first aid tips with water
পানীৰ সহায়ত কৰক 10টা প্ৰাথমিক চিকিৎসা

By

Published : Nov 9, 2022, 5:33 PM IST

আমি প্ৰায়েই আঘাতপ্ৰাপ্ত হ'লে বা আমাৰ শৰীৰত বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিলে ঔষধ মলম আদিৰ ব্যৱহাৰ কৰো কিন্তু আপুনি জানেনে আমি দৈনিক ব্যৱহাৰ কৰা পানীয়েই বহু ৰোগ বা সমস্যা দূৰ কৰিব পাৰে ৷ তেন্তে জানো আহক পানীৰ সহায়ত কিদৰে সহজতে প্ৰাথমিক চিকিৎসা কৰিব পাৰি(10 first aid tips with water ) ৷

  • নাকৰ ৰক্তক্ষৰণ

নাকৰ পৰা তেক ওলালে নাকৰ ওপৰত বৰফৰ টুকুৰা এটা ধৰি থাকিব লাগে(Bleeding from the nose) । তেজ ওলোৱা বন্ধ হ’ব ।

  • জুইয়ে পুৰিলে

জুয়ে পুৰিলে নতুবা আন গৰম বস্তুৱে পুৰিলে পোৰা অংশত লগে লগে ঠাণ্ডা পানী ঢালিব লাগে। পোৰাৰ যন্ত্ৰণা কমে ।

  • ভৰি মোচোকা খালে

ভৰিত মোচোকা খালে বা কঁকালত বিষ হ’লে গৰম পানীৰ বেগেৰে সেক দিলে আৰাম পোৱা যায়। আঁঠুৰ বিষ হ’লে কাপোৰত বৰফৰ টুকুৰা বান্ধি সেক দিলে বিষ কমি আহে।

  • জ্বৰ হ’লে

জ্বৰ হ’লে শৰীৰৰ তাপ কমাবলৈ কপালত পানীত তিওঁৱা কাপোৰ দিব লাগে আৰু সৰ্বশৰীৰ তিতা কাপোৰেৰে মোহাৰি দিব লাগে।

  • চাইনাচ হ’লে

সদায় ভৰি দুখন কুহুমীয়া পানীত ডুবাই ৰাখিব লাগে।

  • ডিঙিৰ বিষ

এগিলাচ কুহুমীয়া পানীত আধা চামুচ নিমখ মিহলাই কুলকুল কৰিলে ডিঙিৰ বিষৰ উপশম ঘটে।

  • ব্যায়াম

পানীতো মানুহে ব্যায়াম কৰি সুফল লাভ কৰিব পাৰে । পানীত সাঁতুৰিলে কেলৰি ক্ষয় হৈ উচ্চ ৰক্তচাপ, মেদবহুলতা, ডায়েবেটিছ আদিৰ পৰা উপকাৰ সাধন হয়।

  • পনীয়া শৌচ হ’লে

পানীৰ লগত সামান্য নিমখ আৰু চেনি বা ইলেক্ট্ৰল জাতীয় দ্ৰৱ মিহলি কৰি খালে পনীয়া শৌচৰ বাবে শৰীৰত উৎপন্ন হোৱা নৰ্জলা অৱস্থা দূৰ হয় ।

  • গাঁঠিৰ বিষ

গাঁঠিৰ বিষ হ’লে হাত ভৰি কুহুমীয়া পানীত তিয়াই ৰাখিলে বিষ কমে ।

  • প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে

পানী খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা যন্ত্ৰণাৰ যথেষ্ট উপশম ঘটে(Burning urine)।

মুঠতে পানীয়ে বহুতো বেমাৰৰ প্ৰাথমিক চিকিৎসাত সহায় কৰে । আমি দিনে ৮/৯ গিলাচ পানী খাব লাগে ।

লগতে পঢ়ক:দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কিয় টোপনিৰ পৰিমাণ অধিক হয়, ইয়াৰ কাৰণ জানক

ABOUT THE AUTHOR

...view details