অসম

assam

আটকাধীন প্ৰতিবাদকাৰীক মুকলিৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ : আইন হাতত তুলি নল’বলৈ আহ্বান আৰক্ষী অধীক্ষকৰ - Attack on Assamese in Tinsukia

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 8:21 PM IST

আটকাধীন প্ৰতিবাদকাৰীক মুকলিৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ (ETV Bharat Assam)

তিনিচুকীয়া, ২২ আগষ্ট : অসমীয়া যুৱকক অনা-অসমীয়াই আক্ৰমণৰ ঘটনাৰ ন্যায় বিচাৰৰ দাবী কৰা প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰাৰ পিছতে অধিক উত্তাল হৈ পৰিছে তিনিচুকীয়া ৷ আটকাধীন ছগৰাকী প্ৰতিবাদকাৰীক অনতিপলমে বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত ডুমডুমাৰ ৰূপাইত বিভিন্ন দল-সংগঠনে অৱৰোধ কৰিলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ সমান্তৰালকৈ পানীতোলাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো বন্ধ কৰি সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে সকলোকে শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, ‘‘ঘটনাটো সন্দৰ্ভত আমি আইমতে ব্যৱস্থা গ্ৰহণ কৰিছো ৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰাও হৈছে ৷ তাৰ পিছতো কিছু সংগঠনে, কিছু লোকে আইন হাতত তুলি ল’বলৈ বিচাৰিছে ৷ এইসমূহ নকৰিবলৈ আমি আগতে সতৰ্ক কৰি দিছিলো, কিন্তু নমনাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছো ৷’’

তিনিচুকীয়াবাসীক উদ্দেশ্য আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে কয়, ‘‘ আমি তিনিচুকীয়াৰ ৰাইজক আহ্বান জনাইছো এনেকুৱা ধৰণৰ ঘটনা দৃষ্টিগোচৰ হ’লে লগে লগে আৰক্ষীক জনাওক ৷ আমি ৰাইজৰ বাবে আছো, ৰাইজৰ বাবে কাম কৰি আছো ৷ কিবা ঘটনা হ’লে আমি ব্যৱস্থা লৈছো, কিন্তু আইন হাতত তুলি ল’ব নালাগিব ৷’’ তেওঁ কয়, ‘‘ন-পুখুৰীত যিটো ঘটনা হ’ল, তাৰ পিছত লগে লগে দুজনক আটক কৰিছো ৷ লগে লগে গোচৰ ৰুজু কৰি, তদন্ত আৰম্ভ কৰিছো ৷ পৰৱৰ্তী কি ব্যৱস্থা লোৱা হ’ব সেয়া সোনকালে আপোনালোকক জনাই দিম ৷’’

সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্ৰ বৰাই কয়, ‘‘ প্ৰতিবাদকাৰীসকলক অতিশীঘ্ৰে যদি মুকলি কৰি নিদিয়ে, তেন্তে তিনিচুকীয়া অচল কৰি দিয়া হ’ব ৷ বহিৰাগতসকলক সকীয়াই দিব বিচাৰিছো- যদিহে অসমত বা তিনিচুকীয়াত থাকিবলৈ বিচাৰে, তেন্তে তেওঁলোক ভালদৰে থাকক ৷ অন্যথা উচ্ছেদ কৰা হ’ব ৷’’

লগতে পঢ়ক : তিনিচুকীয়াত অসমীয়াক আক্ৰমণ অনা-অসমীয়াৰ : চোঁচৰাই চোঁচৰাই আটক প্ৰতিবাদকাৰীক

অনা-অসমীয়া বণিয়াৰ টিঘিলঘিলনি : উত্তপ্ত তিনিচুকীয়া

ABOUT THE AUTHOR

...view details