অসম

assam

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:55 PM IST

ETV Bharat / videos

জৰাজীৰ্ণ পথে জলা-কলা খুৱাইছে লামডিংবাসীক; মেৰামতিৰ আহ্বান - Dilapidated Road In Lumding

হোজাই, ১৪ জুন: এটা পথে জলা-কলা খুৱাইছে লামডিংবাসীক । মুখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পিচতো লামডিঙৰ পথৰ মাজত থকা গাঁত আজি পৰ্যন্ত মেৰামতি নকৰিলে বিভাগে । লামডিং-হাফলঙৰ যাতায়তৰ মূলপথ হিচাপে ব্যৱহৃত হোৱাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ এইটোয়েই একমাত্ৰ মূলপথ । লগতে এই পথৰ দুই কাষে আছে দুখনকৈ বিদ্যালয় ৷ ব্যস্ততাপূৰ্ণ এই পথেৰে দিনে নিশাই বহু যাত্ৰীয়ে অহা-যোৱা কৰা পৰিলক্ষিত হয় ৷  

অলপ বৰষুণ দিলে উক্ত পথত থকা গাঁতসমূহত পানীৰে ভৰি পৰে । লামডিঙৰ সচেতন ৰাইজে অভিযোগ কৰা অনুসৰি উক্ত পথচোৱাৰ ফলত বহুদিন ধৰি লামডিংবাসী ৰাইজে সমস্যাত পৰি আহিছে । স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অহা-যোৱা কৰিবলৈও ভোগ কৰিবলগীয়া হয় বহু কষ্ট হয় ৷ ইফালে পথচোৱাৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাও বহুত বেছি ৷ ৰোগী অহা-যোৱা কৰিলেও সহ্য কৰিবলগীয়া হয় বহুত কষ্ট ৷ অতিশীঘ্ৰে পথচোৱা মেৰামতি কৰাৰ দাবী উত্থাপন কৰে ৰাইজে ।

লগতে পঢ়ক: নিৰ্মাণৰ পাছতে জহি-খহি গ'ল পথ, যাতায়াতৰ ক্ষেত্ৰত ভূগিছে দুৰ্ভোগ - Dilapidated Road In South Salmara

কোন সাংসদ-বিধায়কৰ ঘৰৰ কাষতেই আছে বিধ্বস্ত পথ ? - Dilapidated Road In Silapathar

পথ নিৰ্মাণৰ দাবীত আছুৰ তীব্ৰ প্ৰতিবাদ - AASU Protest

ABOUT THE AUTHOR

...view details